Local, Vocal, Global

অসমত নতুন ৪৩৪ টা কোভিডৰ ঘটনা

নিউজ ডেস্ক, ১৩ জুলাই : সমগ্ৰ দেশতে কোভিড-১৯ৰ ঘটনা বৃদ্ধিৰ মাজতে মঙলবাৰে অসমত ৪৩৪ টা নতুন ঘটনা পোহৰলৈ আহিছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই কয় যে, যোৱা ২৪ ঘণ্টাত ৪,১৫৭ টা নমুনা পৰীক্ষা কৰাৰ পাছত কোভিড-১৯ৰ ইতিবাচকতাৰ হাৰ ১১.৫৮ ৰ পৰা ১০.৪৪ শতাংশ আছিল ।

স্বাস্থ্য মন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে জনায় যে, সৰ্বাধিক ৬৫ টা ঘটনা কামৰূপ মেট্ৰ’পলিটান জিলাৰ পৰা ধৰা পৰিছিল ।

ইফালে, কামৰূপ গ্ৰাম্যত ৪০ টা আৰু ডিব্ৰুগড়ত ৪১ টা কোভিড-১৯ ৰ ঘটনা ধৰা পৰিছে।

মহন্তই কৈছিল যে সেই সময়ছোৱাত কোনো মৃত্যু নথিভুক্ত কৰা হোৱা নাছিল।

তেওঁ লগতে কৈছিল যে অসমত কোভিড-১৯ৰ পৰা পুনৰ সুস্থ হৈ উঠাৰ হাৰ আছিল ৯৮.৬০ শতাংশ।