Local, Vocal, Global

43 Dead In Fire At Kuwait Building : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ৫গৰাকী ভাৰতীয়সহ ৪৩গৰাকী প্ৰৱজিত শ্ৰমিকৰ মৃত্যু

ইণ্টাৰনশ্যনেল ডেস্ক,১২জুন : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত অট্টালিকা ।

দক্ষিণ কুৱেইটত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ ৫০ গৰাকীকৈ লোক।

জানিব পৰা মতে, এই পৰ্যন্ত অগ্নিকাণ্ডত ৫গৰাকী ভাৰতীয়সহ ৪৩গৰাকী প্ৰৱজিত শ্ৰমিকৰ মৃত্যু হয়। ঘটনাস্থলীত উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা প্ৰায় ৯-০০ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। বাতৰি লিখা পৰলৈকে ৫০ৰো অধিক অগ্নিদগ্ধ লোকক হাস্পতাল ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় শ্ৰমিকসহ ৪৩জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে(43 Dead In Fire At Kuwait Building)।

ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।

ইতিমধ্যে এই ঘটনাৰ পাছতে কুৱেইটৰ ভাৰতীয় দূতাবাসে সহায়ক নম্বৰ মুকলি কৰিছে।

লগতে পঢ়ক : Elephant menace in Nagaon : নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীৰ ত্ৰাসত শংকিত কৃষক ৰাইজ