Local, Vocal, Global

Uttarkashi Tunnel Rescue : সুস্থভাৱে উদ্ধাৰ হ’ল শ্ৰমিকসকল; অন্ত পৰিল দেশৰ ৪১ টাকৈ পৰিয়ালৰ দুঃচিন্তা

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : অপেক্ষা ১৭ দিন । অৱশেষত স্বস্তিৰ নিশ্বাস । উদ্ধাৰ হ’ল উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকীকৈ শ্ৰমিক(Uttarkashi Tunnel Rescue )।

মঙলবাৰে নিশা ৮ বজাত ১৭ দিনৰ উদ্ধাৰকাৰীৰ দলৰ শ্বাসৰুদ্ধকাৰী অভিযানৰ অন্ত পৰিল । অন্ত পৰিল দেশৰ ভিন্ন স্থানৰ ৪১ টাকৈ পৰিয়ালৰ দুঃচিন্তা। সুস্থভাৱে উদ্ধাৰ হ’ল শ্ৰমিকসকল । এজন এজনকৈ ৪১ জন শ্ৰমিকক প্ৰায় ৪৫ মিনিটৰ ভিতৰতে সুৰংগৰ পৰা উলিয়াই আনে এন ডি আৰ এফৰ জোৱানে( Tunnel ordeal ends, all 41 trapped workers rescued) ।

১৭ দিনে উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ আছিল অসমৰ দুই শ্ৰমিক । শ্ৰমিক দুজন আছিল কোকৰাঝাৰ জিলাৰ ৰামফলবিলৰ ৰামুপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী।

উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰস্থলীত উপস্থিত থাকে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও । মুখ্যমন্ত্ৰী ধামীয়ে সুৰংগ পৰা ওলাই অহা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷

ইফালে শ্ৰমিকসকলক উদ্ধাৰৰ পাচতেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ।

ছিল্কয়াৰাত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, “সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । চিকিৎসালয়ৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব । ইয়াৰ উপৰিও পৰিয়ালৰ সদস্য আৰু শ্ৰমিকসকলৰ বাবে খাদ্য আৰু থকাৰ ব্যৱস্থাও কৰিছে চৰকাৰে । মুখ্যমন্ত্ৰী ধামীয়ে কয় যে শ্ৰমিকসকল সুস্থ হৈ উঠাৰ পিছত চৰকাৰে আৰ্থিক সাহায্য হিচাপে ১ লাখ টকাকৈ চেক দিব । ইয়াৰ উপৰিও ঘৰলৈ যোৱাৰ সময় পৰ্যন্ত সমগ্ৰ খৰচো চৰকাৰে বহন কৰিব ।”বাবা বৌখনাগ আৰু দেৱভূমিৰ দেৱ-দেৱীৰ কৃপাত উত্তৰকাশী ছিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযান সফল হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ধামীয়ে ছিল্কয়াৰাত বৌখনাগ দেৱতাৰ এটা মন্দিৰ নিৰ্মাণ কৰাৰো কথা ঘোষণা কৰে ৷ শীঘ্ৰে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে(Anand Mahindra As 41 Workers Rescued From Uttarakhand Tunnel) ।

আনহাতে সুৰংগৰ বাহিৰত বিগত দিন কেইটাত অপেক্ষাৰত অৱস্থাত থকা সঞ্জয় বুসমতাৰী ভাতৃ ৰকেট বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীৰ ভাতৃ ৰমেন নাৰ্জাৰীয়ে দুয়োজন শ্ৰমিক উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকৰ সৈতে মোবাইলৰ জৰিয়তে কথা পাতি দুয়ো সুস্থ হৈ আছে বুলি অৱগত কৰিছে। বৰ্তমান দুয়ো উত্তৰাখণ্ড চৰকাৰৰ তত্বৱধানত চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁলোক দুয়োজন উদ্ধাৰ হোৱাৰ বাবে ঘৰতে আৰাধ্য দেৱতা বাথৌৰ ওচৰত প্ৰাৰ্থনাও কৰিছে।

লগতে পঢ়ক :Uttarkashi Tunnel Collapse Day 17 : ১৭ দিনৰ দিনাও অব্যাহত উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰ অভিযান