40 School Students suffered from food poisoning : মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

নেশ্যনেল ডেস্ক, ২ডিচেম্বৰ : মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ শিক্ষাৰ্থী । মধ্যাহ্ন ভোজন গ্ৰহণ কৰি ৪০ গৰাকী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি ।
পঞ্জাবৰ সাংৰুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
পঞ্জাবৰ সাংৰুৰৰ মেৰিটৰিয়াছ স্কুল ঘাব্দাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ পৰে ৪০ গৰাকীকৈ শিক্ষাৰ্থী । শিক্ষাৰ্থীকেইগৰাকী স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে ততাতৈয়াকৈ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে(40 children taken ill after having food at Sangrur Meritorious School’s hostel mess) ।
উল্লেখ্য যে , মধ্যাহ্ন ভোজন খাই অসুস্থ হোৱাৰ পিছতে স্কুলৰ মধ্যাহ্ন ভোজন নামত বিষাক্ত খাদ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ।
এই ঘটনাৰ পিছতে অভিভাৱকসকলে ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অভিভাৱকসকলে অভিযোগ অনুসৰি , দীপাৱালীৰ পাছৰে পৰা বিদ্যালয়ৰ হোষ্টেলত শিক্ষাৰ্থীসকলক ভালদৰে খাদ্য যোগান ধৰা হোৱা নাছিল ।
জানিব পৰা মতে, শুকুৰবাৰে নিশা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে হোষ্টেলত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছিল । তাৰ পাছত নিশালৈ প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অসুস্থ হৈ পৰে । শিক্ষাৰ্থীসকলে অসুস্থ হৈ পৰাৰ লগে লগে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু অসুস্থ শিক্ষাৰ্থীসকলে অভিযোগ কৰা অনুসৰি বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক দিয়া খাদ্য অস্বাস্থ্যকৰ আছিল(40 School Students suffered from food poisoning ) ।
ইফালে ঘটনা সন্দৰ্ভত শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকে উল্লেখ কৰা অনুসৰি, তেওঁলোকে এই বিষয়টো কেইবাবাৰো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছিল । কিন্তু কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল । যোৱা ৩ দিন ধৰি শিক্ষাৰ্থীসকলে পেটৰ বিষ আৰু বমি হৈছিল ভুগি আছিল বুলিও অভিযোগ কৰিছে । আনকি এই সম্পৰ্কে বিদ্যালয় কৰ্তৃপক্ষই একাংশ অভিভাৱকক অৱগত নকৰাৰো অভিযোগ উঠিছে।
যাৰ বাবে তেওঁলোকক ততালিকে সাংৰুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইতিমধ্যে তেওঁলোকক সঠিক চিকিৎসা প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : Dead Body Recovered in Guwahati : হাতীগাঁৱৰ কাছা লিমিটেডো এপাৰ্টমেণ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ