40 lakh cash seized in Barpeta Road Rail Station : বৰপেটাৰোড ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

নিউজ ডেস্ক,৮জুন : বৰপেটাৰোড ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন । শুকুৰবাৰে নিশা ৰে’ল আৰক্ষীয়ে জব্দ কৰে নগদ ধনখিনি ।
জানিব পৰা মতে বৰপেটাৰ গৰেমাৰীৰ তিনি যুৱকে ককালত বিশেষ পদ্ধতিৰে লুকুৱাই আনিছিল নগদ ৪০ লাখ টকা।বগা সূতাৰ কাপোৰেৰে বিশেষ ভাৱে চিলাই কৰা তিনিখন বেগত অতি কৌশলেৰে কঁকালত বান্ধি শিলচৰলৈ ধনখিনি সৰবৰাহ কৰিব বিচাৰিছিল যুৱক তিনিজনে ৷ ধৃত যুৱক তিনিজন ক্ৰমে ৰিংকু মিয়া, আখটাৰ হুছেইন আৰু নজৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে(40 lakh cash seized in Barpeta Road Rail Station) ।
প্ৰাপ্ত তথ্য মতে যুৱক তিনিজনে বৰপেটাৰোড ৰেল ষ্টেচনৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছ যোগে শিলচৰলৈ যোৱাৰ কথা আছিল ৷
অৱশ্যে একাংশ লোকে ধনখিনি বাৰ্মিজ চুপাৰি ব্যৱসায়ৰ বুলি সন্দেহ কৰিছে।
ইপিনে যুৱক তিনিজনে ইমান বৃহৎ পৰিমাণৰ ধন কিয় এনেদৰে কঁকালত বান্ধি লুকুৱাই আনিছিল তাকে লৈ নানা প্ৰশ্নৰ উদয় হৈছে ৷
লগতে পঢ়ক : Drugs peddler arrested along with drugs : লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী