Local, Vocal, Global

অসম আৰক্ষীৰ অভিযানত দুখন ট্ৰাকভৰ্তি ৪০টা গৰু জব্দ

নিউজ ডেস্ক,১০ মাৰ্চঃ বৃহস্পতিবাৰে অসম আৰক্ষীয়ে মেঘালয়ৰ যোৰাবাটত চোৰাং গৰু ব্যৱসায়ৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰকাৰীসকলৰ ভিতৰত কাথুৰিৰ আচাবুল আলী, চামগুৰিৰ সুৰেন্দ্ৰ ল’হাৰ আৰু উলানিৰ আলী আনচাৰী বুলি চিনাক্ত কৰা হৈছে।


যোৰাবাট আৰক্ষীৰ অভিযানত অবৈধ গৰু চলাচলৰ বিৰুদ্ধে তিনিজন লোকক যোৰাবাটত আটক কৰে।
খবৰ অনুসৰি দুখন ট্ৰাকত ৪০টা চোৰাং গৰু মেঘালয়ৰ অভিমুখে লৈ গৈছিল।
আৰক্ষী বিষয়াসকলে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।