Massive Marijuana Seizure in Guwahati : মহানগৰীৰ নালাপাৰাত জব্দ ১০ কোটি টকাৰ গাঞ্জা

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা(Huge consignment of Marijuana worth Rs 10 crore seized in Guwahati, 2 arrested) ।
ইফালে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
পুনৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ গাঞ্জা । এই মহানগৰীৰ নালাপাৰাত জব্দ ১০ কোটি টকাৰ গাঞ্জা(Massive Marijuana Seizure in Guwahati) ।
জানিব পৰা মতে,মহানগৰীৰ নালাপাৰাত STFয়ে চলাইছিল নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান । অভিযানত জব্দ কৰে কেইবা বস্তা গাঞ্জা। জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৪ হাজাৰ কিলোগ্ৰাম।
ইফালে ঘটনা সন্দৰ্ভত STFৰ বাহিনীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে আগৰতলা পৰা বিহাৰ অভিমুখী আছিল ট্ৰাকখন। ৰবৰভৰ্তি ট্ৰাকত কৌশলেৰে লুকুৱাই আনিছিল গাঞ্জাখিনি(4 tonnes of marijuana worth Rs 10 crore seized in Guwahati)।