2 Captains among 4 soldiers killed in Rajouri shootout : জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ দুগৰাকী কেপ্টেইনসহ চাৰি সেনা জোৱান
নেশ্যনেল ডেস্ক ,২৩ নৱেম্বৰ : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত নিহত ভাৰতীয় সেনাৰ দুজন বিষয়া (কেপ্তেইন)সহ চাৰিজন সেনা জোৱান(2 Captains among 4 soldiers killed in Rajouri shootout ) ।
আৰক্ষীয়ে জনোৱা মতে, ৰাজৌৰীৰ কালাকোটে অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদীক আবদ্ধ কৰা হৈছে । প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাত দুজন বিষয়া আৰু দুজন জোৱানকে ধৰি এই এনকাউণ্টাৰত চাৰিজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে(4 Army Men Including 2 Officers Killed, 2 Injured In Gunfight With Terrorists In Rajouri) ৷
এই ঘটনাক লৈ ৰাজনীতিবিদসকলে গভীৰ শোক প্ৰকাশ কৰিছে । জম্মু-কাশ্মীৰৰ প্ৰাক্তন তথা ৰাষ্ট্ৰীয় নেতা ওমৰ আব্দুল্লাই শ্বহীদসকলৰ পৰিয়াললৈ সমবাদনা জ্ঞাপন কৰে।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন তথা ৰাষ্ট্ৰীয় নেতা ওমৰ আব্দুল্লাই এক্সত এটা পোষ্ট কৰি লিখে “ৰাজৌৰীৰ পৰা ভয়ংকৰ খবৰ য’ত ২ জন বিষয়াকে ধৰি ৪ জন সেনা জোৱানে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিছে। পীৰ পাঞ্চল অঞ্চলৰ এতিয়ালৈকে শান্তিপূৰ্ণ অঞ্চলত সন্ত্ৰাসবাদ বিয়পোৱাৰ বাবে অব্যাহত থকা প্ৰচেষ্টাত যিসকল শ্বহীদ হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো(2 Captains among 4 soldiers killed in Rajouri shootout )।”
ইফালে ভাৰতীয় সেনা বিষয়াসকলে টুইট কৰি কয় যে নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত যোৱা ১৯ নৱেম্বৰত জিলাখনৰ কালাকোটে এলেকাৰ গুলাবগড় বনাঞ্চলত সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান চলাইছিল ৷ ২২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয় অভিযানকাৰীৰ । লগে লগে দুয়োপক্ষৰ মাজত গুলীচালনা আৰম্ভ হয় ৷ এই ঘটনাত চাৰিজন সেনাৰ মৃত্যু হোৱাৰ লগতে দুটা সন্ত্ৰাসবাদী আহত হৈছে ৷ অভিযান অব্যাহত আছে অঞ্চলটোত(4 soldiers including 2 Captain rank officers killed in Rajouri gunfight) ৷
আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ঘটনাক লৈ কয় এই এনকাউণ্টাৰত প্ৰাণ আহুতি দিয়া সেনা জোৱানৰ বীৰত্বক সমগ্ৰ দেশে প্ৰণাম জনাইছে। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা অমৰিন্দৰ সিঙেও সেনা জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰে।“জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বাজী মল বনাঞ্চলত ভয়াৱহ সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাবাহিনীৰ ২ জন বিষয়া আৰু ৬৩ টা ৰাষ্ট্ৰীয় ৰাইফলৰ ১ জন জোৱান শ্বহীদ হোৱাৰ কথা শুনি দুখ পাইছো। ৱাহেগুৰু জীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে বিদেহ আত্মাক চিৰশান্তি প্ৰদান কৰে।”
লগতে পঢ়ক : Uttarkashi tunnel collapse: ১১ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই, বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ৪০ গৰাকীকৈ শ্ৰমিক