Local, Vocal, Global

ৰাজ্য সভা নিৰ্বাচনক লৈ ৪ দলৰ বৈঠক

নিউজ ডেস্ক,২১ মাৰ্চঃ ৰাজ্যসভা নিৰ্বাচনক লৈ ৪ দলৰ বৈঠক সম্পন্ন । কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ বিধায়িনী দলৰ মাজত হয় এই বৈঠক। একেলগে ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হয় বৈঠকত।

এই বৈঠকত চাৰিওটা দলৰ এখন উমৈহতীয়া কমিটি গঠন হয়। ৰকিবুল হুছেইন, অখিল গগৈ, হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলাম মিলি গঠন হয় কমিটিখন।
উল্লেখ্য যে ৪৩ গৰাকী বিধায়কে মিলি সোমবাৰে মনোনোয়ন পত্ৰ দাখিল কৰিব ৰিপুন বৰাই।

হাফিজ বছিৰ আহমেদ কাছিমিয়ে মন্তব্য কৰে যে “আমি ১৫ গৰাকী AIUDFৰ বিধায়কে হাতে হাত ধৰি ৰিপুন বৰাক ভোট দিম”
আনহাতে বিৰোধী পক্ষ জয় হোৱাটো নিশ্চিত বুলি দাবী কৰে বাও দলৰ মনোৰঞ্জন তালুকদাৰে।