4 labourers from Bihar die of suffocation inside tank : এক মৰ্মান্তিক ঘটনা,টেংকীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ জনকৈ শ্ৰমিকৰ

নেশ্যনেল ডেস্ক, ১৫নৱেম্বৰ : এক মৰ্মান্তিক ঘটনা । কাৰখানাৰ টেংকীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ জনকৈ শ্ৰমিকৰ ।গুজৰাটৰ চুৰাট জিলাৰ পালছানা তালুকত সংঘটিত হৈছে এক শোকাৱহ ঘটনাটো(4 labourers from Bihar die of suffocation inside tank) ।
মঙলবাৰে গুজৰাটৰ চুৰাট জিলাৰ পালচনাৰ বালেশ্বৰ গাঁৱৰ সমীপৰ এটা কাৰখানাৰ টেংকী চাফা কৰিবলৈ আহিছিল চাৰিজনকৈ শ্ৰমিক । চেপ্টিক টেংকীৰ ভিতৰত কাম কৰি থকা সময়তে দুজন শ্ৰমিক অচেতন হৈ পৰে যাৰ বাবে আন দুজন শ্ৰমিকে উদ্ধাৰৰ চেষ্টা চলাই আৰু আন দুজন শ্ৰমিকো অচেতন হৈ পৰে(4 labourers from Bihar die of suffocation inside sceptic tank in Surat) ।
জানিব পৰা মতে, বালেশ্বৰ গাঁৱৰ উপকণ্ঠত অৱস্থিত কিৰণ ইণ্ডাষ্ট্ৰীজ নামৰ মিল এটাত টেংকী চাফা কৰিবলৈ গৈছিল শ্ৰমিককেইজনে ৷ মিলটোৰ ২০-২৫ ফুট তলত দ আছিল টেংকিটো । চেপ্টিক টেংকীৰ ভিতৰত কাম কৰিবলৈ ভিতৰলৈ গৈছিল শ্ৰমিককেইজন । সেই সময়তে অচেতন হৈ পৰে শ্ৰমিক কেইজন(4 labourers from Bihar die of suffocation inside tank in Surat
) ।
এই ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে বৰডোলী অগ্নিনিৰ্বাপক বাহিনী আৰু কামৰেজ ই আৰ চি অগ্নিনিৰ্বাপক বাহিনীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দ টেংকীটোৰ ভিতৰলৈ গৈ শ্ৰমিককেইজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি বাহিৰলৈ লৈ আনে । অচেতন শ্ৰমিককেইজনক টেংকীৰ পৰা উলিয়াই আনে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। ।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে(4 Bihar Labourers Die Of Suffocation While Cleaning Septic Tank In Surat) ৷
প্ৰাপ্ত তথ্য অনুসৰি নিহত লোকচাৰিজন ক্ৰমে চেতন গ্যাচিলাল, দীপক সিং নমাশংকৰ, ৰাজেশ লুমছিং বধৈয়া আৰু কমলেশ ৰাজেশ বধৈয়া বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : Sahara Group chief Subrata Roy passes away : ৭৫ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে সুব্ৰত ৰয়ে