4 killed,5 injured in road accident in Uttar Pradesh : আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়া লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত; নিহত ৪জন,আহত ৫জন

নেশ্যনেল ডেস্ক,৯জুন : আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়া লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত । একেটা পৰিয়ালৰ নিহত ৪জনকৈ লোক । আহত ৫জনকৈ লোক(4 killed,5 injured in road accident in Uttar Pradesh)।
উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে উত্তৰ প্ৰদেশত অন্ত্যেষ্টিক্ৰিয়া লৈ যোৱা বলেৰ’বাহন দুৰ্ঘটনাগ্ৰস্ত ।
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ আমেথিত এখন বুলেট বাইকত তিনিজন লোক পথ পাৰ হোৱাৰ অৱস্থাতে বাইকখনত এখন বলেৰ’ বাহনে খুন্দা মাৰে। ইয়াৰ পিছতে বলেৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে। ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা(4 killed, 5 injured in SUV crash in Uttar Pradesh’s Amethi)।
খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাহনখন আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্গেশ উপাধ্যায় নামৰ এগৰাকী ব্যক্তিয়ে ভগ্নী বন্দনা দেৱী আৰু ভতিজা ৰুদ্ৰৰ সৈতে বাইক যোগে অযোধ্যাৰ ভাৱপুৰস্থিত নিজা বাসগৃ্হলৈ যাত্ৰা কৰিছিল। এই সময়ছোৱাতে চুলতানপুৰৰ দিশৰ পৰা অহা তীব্ৰবেগী বলেৰ’খনে খুন্দা মাৰে। ইয়াৰ পিছত নিয়ন্ত্ৰণহীন হৈ পৰা বলেৰ’খনে পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে। ফলত বলেৰ’বাহন খনত থকা ৫জনকৈ থিতাতে নিহত হয়(4 killed,5 injured in road accident in Uttar Pradesh) ।
লগতে পঢ়ক : Majuli Boat Accident : ভয়ংকৰ নাও দুৰ্ঘটনা;সন্ধানহীন এজন