Local, Vocal, Global

মহানগৰীত ভয়ংকৰ ভূমিস্খলনত নিহত ৪জন

নিউজ ডেস্ক, ১৪ জুন : কৃত্ৰিম বানপানীৰ মাজতে মহানগৰীত ভয়ংকৰ ভূমিস্খলন। অসমৰ গুৱাহাটীৰ নিজাৰাপাৰাৰ পশ্চিম বৰাগাঁৱত সংঘটিত হোৱা বৃহৎ ভূমিস্খলনত বৰাগাওঁৰ এটা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে যাৰ ফলত ৪জন লোকৰ মৃত্যু হৈছে।

মৃত লোক কেইজন মনোৱাৰ হুছেইন, মফিজুল হক, আমৰুল হক, হাচানুৰ আলি বুলি চিনাক্ত কৰা হৈছে।

ইফালে, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), অগ্নি আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ইএছ) আৰু আৰক্ষীয়ে পুৱাৰে পৰা ঘটনাস্থলীত নিৰন্তৰ উদ্ধাৰ অভিযান চলাই আছে।

গুৱাহাটীৰ বামুণীমৈদাম, Basistha আৰু Navagraha অঞ্চলৰ জ্যোতিনগৰ অঞ্চলতো সৃষ্টি হৈছে ভূমিস্খলনৰ। অৱশ্যে, এই অঞ্চলবোৰৰ পৰা হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।

উল্লেখ কৰিব পাৰি যে, সোমবাৰে সন্ধিয়াৰ পৰা গুৱাহাটীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেইবা ঠাইতো ভূমিস্খলন সংঘটিত হৈছে আৰু চহৰখনৰ বহু ঠাই প্লাবিত হৈছে।