Local, Vocal, Global

Fire on Benapole Express train in Dhaka : বাংলাদেশত প্ৰাক-নিৰ্বাচনৰ পূৰ্বে হিংসা; মৃত ৪জন,আহত কেইবাজনো

নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী : বাংলাদেশত প্ৰাক-নিৰ্বাচনৰ পূৰ্বে হিংসা ৷ দেওবাৰে বাংলাদেশত সাধাৰণ নিৰ্বাচন ৷ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী হিংসাই গা কৰি উঠিছে বাংলাদেশত ৷

যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তই অগ্নিসংযোগ । শুকুৰবাৰে বাংলাদেশৰ ভাৰতৰ সীমান্তৱৰ্তী বেনাপোল নামৰ বন্দৰ চহৰৰ পৰা যোৱা এখন যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ অগ্নিকাণ্ডৰ ফলত দুটা শিশুসহ চাৰিজন লোক নিহত হয় আৰু কেইবাজনো আহত হয়(Four Killed as Miscreants Sets Train on Fire in Dhaka Ahead of Bangladesh Election) ৷

জানিব পৰা মতে, শুকুৰবাৰে নিশা বেনাপোল চহৰৰ পৰা যোৱা বেনাপোল এক্সপ্ৰেছখন কমলাপুৰ ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে দুৰ্বিত্তই ৰে’লখনত অগ্নিসংযোগ কৰে ৷

এই অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ শ্বাহজাহান শিকদাৰে কয়, ‘‘ বৰ্তমানলৈ আমি এই অগ্নিকাণ্ডৰ ফলত মৃতহোৱা চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছো ৷বৰ্তমান ঘটনা সন্দৰ্ভত উদ্ধাৰ অভিযান চলি আছে(4 Killed as Miscreants Set Fire to Passenger Train in Dhaka) ৷’’

আনহাতে ৰে’ল বিভাগৰ বিষয়াসকলে কয় যে , ‘‘ৰে’লখনত প্ৰায় ২৯২ জন যাত্ৰী আছিল ৷ তেওঁলোক বেছিভাগেই ভাৰতৰ পৰা ঘৰলৈ উভতি আহিছিল ৷ ৰে’লখন গোপীবাগ অঞ্চলত উপস্থিত হোৱাৰ লগে লগে নিশা ৯ বজাত দুৰ্বৃত্তই ৰে’লখনত অগ্নিসংযোগ কৰে ৷’’

লগতে পঢ়ক : Ganja Seized in Tripura : জব্দ বুজন পৰিমাণৰ গাঞ্জা; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক