Violence In Manipur: পুনৰ মণিপুৰত গুলীচালনাৰ ঘটনা ,আহত ৪জন

নেশ্যনেল ডেস্ক, ৭নৱেম্বৰ : অশান্ত মণিপুৰ (Manipur Violence) । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ । এই সংঘৰ্ষই যেন এতিয়াও বন্ধ হোৱাৰ নাম লোৱা নাই। বিগত সাতমাহে মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা (Violence In Manipur)।
কিন্তু তাৰ মাজতে ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছিল যদিও ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ লগে লগে পোহৰলৈ আহিছিল বহু হিংসাত্মৰ ঘটনাৰ । তাৰ পিছতে পুনৰ বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা(4 Injured In Fresh Violence After Heavy Exchange Of Fire At Kangchup Hill) ।
পুনৰ মণিপুৰত গুলীচালনাৰ ঘটনা । মঙলবাৰে মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ কাংচুপ পাহাৰত পুৱা অস্ত্ৰধাৰী দুষ্কৃতিকাৰী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয়(4 Injured In Fresh Violence After Heavy Exchange Of Fire) ।
এই গুলীচালনাৰ ফলত চাৰিজন স্বেচ্ছাসেৱক আহত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান আহত ব্যক্তিকেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
উল্লেখ্য যে, বুধবাৰে মণিপুৰ ৰাইফলছৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰাৰ উদ্দেশ্যৰে একাংশই নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰিছিল। যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে শূণ্যলৈ গুলী চালনা কৰিছিল। এই হিংসাত্মাক ঘটনাৰ খবৰ পোৱাৰ পাছতে পুনৰ ৰাজ্যখনত ইন্টাৰনেটত নিষেধাজ্ঞা বৃদ্ধি কৰে । দেওবাৰে বিভাগীয় কৰ্তৃপক্ষই এক নতুন জাননী এই কথা জনাই ।
লগতে পঢ়ক :Internet ban extended till November 8 : পুনৰ মণিপুৰত ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি