Local, Vocal, Global

Road Accident in Dhansiri : থাৰ বাহন সৈতে জিপচীৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ৪জন, আহত ৪জন

নিউজ ডেস্ক, ১৮ডিচেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা । থাৰ বাহন সৈতে জিপচী বাহনৰ মুখামুখি সংঘৰ্ষ । ফলত থিতাতে নিহত হয় ৪জনকৈ লোক আৰু আহত হয় ৪জনকৈ লোক ।

ধনশিৰি মহকুমাত ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনাটো(Road Accident Dhansiri) ।

জানিব পৰা মতে সোমবাৰে পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত AS 01 FJ 4114 নম্বৰৰ এখন ডিমাপুৰ অভিমুখী থাৰ বাহন আৰু NL 04 C 3801 নম্বৰৰ গোলাঘাট অভিমুখী জিপচী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ হয়। এই সংঘৰ্ষৰ ফলত ৪ জন থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। আহত কেইজনক ইতিমধ্যে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে(4 dead and 4 injured in Road Accident in Dhansiri)।

বৰ্তমানলৈকে নিহতসকলক চিনাক্ত কৰিব পৰা হোৱা নাই ।আৰক্ষীয়ে ঘটনাস্থলীত মৃতদেহ কেইটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Road Accident in Pune : ৰিক্সা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ৮জনকৈ লোক