Local, Vocal, Global

আমেৰিকাত ৪ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা

নিউজ ডেস্ক, ২৫ মে’- আমেৰিকাৰ টেস্কাছত ভয়ংকৰ ঘটনা। বিদ্যালয়তে ১৮ টি শিশুক গুলীয়াই হত্যা।


বিদ্যালয়ত ১৮ বছৰীয়া এজন যুবকে প্ৰাথমিক বিদ্যালয়ত ধাৰাষাৰ গুলীবৰ্ষণ কৰে। যাৰ ফলত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ১৮ টা শিশু থিতাতে নিহত হয়। লগতে আক্ৰমণত ৩জন শিক্ষকো লোকো নিহত হয়।

ঘাটক কিশোৰজনে প্ৰথমে ঘৰত নিজৰ আইতাককে গুলীয়াই। তাৰ পাছত বিদ্যালয়ৰ কণ কণ শিশুক আক্ৰমণৰ লক্ষ্য কৰি লয়। কিশোৰজনৰ আইতাক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।


এই ঘটনাৰ পাছতে আমেৰিকাত ৪ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।