Local, Vocal, Global

4 children drown to death in Manipur : নদীত গা ধুবলৈ গৈ সলিল সমাধি চাৰিটাকৈ শিশুৰ

নিউজ ডেস্ক, ২০মাৰ্চ : পুনৰ মণিপুৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ।

গোষ্ঠীগত হিংসাত বিধ্বস্ত মণিপুৰত ঘৰ এৰি আশ্ৰয় শিবিৰত থকা চাৰিটাকৈ শিশুৰ কৰুণ মৃত্যু । নদীত গা ধুবলৈ গৈ সলিল সমাধি চাৰিটাকৈ শিশুৰ( 4 children drown to death in Manipur)।

জানিব পৰা মতে,গোষ্ঠী সংঘৰ্ষৰ বলি হৈ চোৰাচান্দপুৰৰ টুইবং অঞ্চলৰ এটা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহন কৰি আছিল শিশুকেইটাই।শিবিৰত পিতৃ-মাতৃৰ অনুপস্থিতিত মঙলবাৰে দুপৰীয়া নিকটৱৰ্তী টুইথা নদীত গা ধুবলৈ নামিছিল শিশুকেইটাই । ইয়াৰ পিছত দীৰ্ঘ সময় ধৰি শিশু কেইটা উভতি নহাত অভিভাৱকে সন্ধান আৰম্ভ কৰে। শিবিৰত থকা আন আন লোকসকলেও শিশু কেইটাৰ সন্ধানত নামি পৰে। গোটেই নিশা এই অভিযান চলাই আজি পুৱা ৬ বজাত প্ৰথমে দুটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে(4 children drown to death in Manipur) ।

আন দুটা শিশুৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। মৃত চাৰিওটা শিশুৰ বয়সৰ ৪ ৰ পৰা ৯ বছৰৰ ভিতৰত।

লগতে পঢ়ক : Tragic Road Accident : স্কুটী আৰু মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত এজন