WATCH | 37 Bangladeshi Nationals Detained : কাছাৰত আটক ৩৭জন বাংলাদেশীক
কাছাৰ,২৮মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে বাংলাদেশীক । কাছাৰৰ জালালপুৰত বাংলাদেশীক বিচাৰি আৰক্ষীৰ অভিযান । অভিযানত স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ৩৭জন বাংলাদেশীক আৰক্ষীয়ে আটক কৰে(37 Bangladeshi Nationals Detained) ।
জানিব পৰা মতে, বহু দিন পূৰ্বে তেওঁলোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰতত প্ৰৱেশ কৰি ভাৰতৰ বিভিন্ন ৰাজ্যত কাম কৰি আছিল। মঙলবাৰে নিশা এজন দালালৰ সহায়ত পশ্চিম কাটিগড়ৰ জালালপুৰ সীমান্তৰে বাংলাদেশলৈ যোৱাৰ পথত স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰে। আৰু তেওঁলোকৰ পৰিচয় সুধে, পৰিচয় দিব লৈ নোৱাৰে তেওঁলোকে। লগে লগে স্থানীয় ৰাইজে পাঁচখন অট’ৰ পৰা সৰু ল’ৰা-ছোৱালীকে ধৰি প্ৰায় ৩০জন লোকক আটক কৰে।
লগে লগে ঘটনা সন্দৰ্ভত আৰতক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু সন্দেহয়ুক্ত লোককেইজনক আটক কৰি আৰক্ষীৰ জিম্মালৈ লৈ যায়। বর্তমান আৰক্ষী জিম্মাত আছে লোককেজন।
লগতে পঢ়ক : WATCH | Spring season arrives : প্ৰকৃতিৰ নয়নাভিৰাম সৌন্দৰ্য