Local, Vocal, Global

সোণাপুৰ টোলগেটত ৩৫টা গৰুভৰ্তি কনট্ৰেইনাৰ জব্দ,আটক ৫জন

নিউজ ডেস্ক,১৩ মাৰ্চঃ ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে গৰুৰ ছিণ্ডিকেট। দেওবাৰে পুৱতি নিশা প্ৰায় ৫.৩০ বজাত চিলাপথাৰৰ পৰা মেঘালয়লৈ গৈ থকাৰ সময়তে সোণাপুৰ নাজিৰাঘাটৰ টোলগেটত গৰুভৰ্তি এখন কনট্ৰেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

সোণাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩৫ টাকৈ গৰু ভৰ্তি এখন কনট্ৰেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

এই কনট্ৰেইনৰ খনৰ নম্বৰ AS01L C9178 । কনট্ৰেইনাৰ খনৰ লগতে এখন AS01DG 6995 নম্বৰৰ এলটো বাহন জব্দ কৰাৰ লগতে ৫ জন লোকক কৰায়ত্ত কৰে।

কৰায়ত্ত কৰা লোককেইজন ক্ৰমে মহম্মদ নুৰুদ্দিন,মহম্মদ সমৰ আলী, কমল হুছেইন,আবু তাহেৰ খান আৰু চদ্দম শ্বেখ বুলি জানিব পৰা গৈছে।