বোকাখাতৰ কুৰুৱাবাহিৰ পৰা জব্দ ৩১ টা কুকুৰ
নিউজ ডেস্ক : বোকাখাত আৰক্ষীয়ে শুক্ৰবাৰে বোকাখাতৰ কুৰুৱাবাহিৰ পৰা ৩১ টা কুকুৰ জব্দ কৰিছিল। ঘৰুৱা প্ৰজাতিৰ কুকুৰবোৰ কটাবস্তাত মুখ আৰু ভৰি বান্ধি থোৱা অৱস্থাত ৰাস্তাৰ কাষৰ পৰা জব্দ কৰা হৈছে।
অৱশ্যে, কুকুৰবোৰ কেনেকৈ আৰু ক’ত ৰাখিব লাগে সেই বিষয়ে আৰক্ষী এতিয়া দ্বিধাত আছে। আৰক্ষীয়ে এতিয়াও কুকুৰবোৰ ক’ৰ পৰা অনা হৈছে আৰু চোৰাং ব্যৱসায়ৰ আঁৰত কোন আছিল তাৰ তদন্ত কৰা নাই।
উল্লেখ্য যে, ভাৰতীয় আইন অনুসৰি কুকুৰ হত্যা আৰু খোৱা অবৈধ কিন্তু এতিয়াও নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত কুকুৰ মাংস ভক্ষণ কৰে। তেওঁলোকে কুকুৰৰ মাংসৰ উচ্চ পুষ্টিআৰু ঔষধি মূল্য আছে বুলি গণ্য কৰে।