Local, Vocal, Global

3,000 CAPF troops to move from Odisha to Chhattisgarh to end Naxalism : ওড়িশাৰ পৰা ছত্তীশগড়লৈ ৩,০০০ চিএপিএফ সৈন্য স্থানান্তৰ

নেশ্যনেল ডেস্ক, ১ডিচেম্বৰ : সৰৱ কেন্দ্ৰীয় চৰকাৰ । এইবাৰ মাওবাদীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ ।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ । ছত্তীশগড়ৰ পৰা মাওবাদী উৎখাত কৰিবলৈ বিশেষ অভিযান পৰিকল্পনাৰ অধীনত ওড়িশাৰ পৰা ছত্তীশগড়লৈ ৩,০০০ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

জানিব পৰা মতে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ দলটোক মুখ্যতঃ ছত্তীশগড়ৰ দান্তেৱাড়া, সুকমা আৰু বিজাপুৰৰ অন্তৰ্গত নাৰায়ণপুৰ আৰু কোন্দাগাঁও আৰু কাংকেৰ জিলাৰ বস্তাৰ অঞ্চলৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কোৱা হৈছে ৷ কিয়নো এই অঞ্চলকেইটাত মাওবাদী অধিক সক্ৰিয় হৈ আছে(3,000 CAPF troops to move from Odisha to Chhattisgarh to end Naxalism) ৷

উল্লেখ্য যে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানৰ তিনিটা বেটেলিয়নে ৰাজ্যখনৰ মাওবাদী স্থানসমূহ লক্ষ্য কৰিবলৈ ওড়িশাৰ পৰা ছত্তীশগড়লৈ যোৱাৰ যো-জা চলাইছে(To fight Naxals, 3,000 CAPF personnel to move from Odisha to Chhattisgarh) ৷

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, ইয়াৰে সমানে কেইবাটাও আইটিবিপি গোটক মাওবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰি আবুজমাদৰ নক্সালৰ দুৰ্গলৈ যাবলৈও কোৱা হৈছে ৷

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে সমান সংখ্যক ইণ্ডো তিব্বত সীমান্ত আৰক্ষী গোটো অঞ্চলটোলৈ স্থানান্তৰিত কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ঘোষণা কৰিছিল যে, ভাৰতে বাওঁপন্থী উগ্ৰবাদ (এলডব্লিউই) দূৰ কৰাৰ পক্ষত কাম কৰি আছে ৷

লগতে পঢ়ক : US troops repel attack on ship in Red Sea : হুথি বিদ্ৰোহীসকলৰ আক্ৰমণ লোহিত সাগৰৰ মালবাহী জাহাজৰ ওপৰত