Local, Vocal, Global

Boat capsizes in Philippines: ফিলিপাইনছত ভয়ংকৰ নাও দুৰ্ঘটনা, নিহত ৩০গৰাকী যাত্ৰীৰ

ইন্টাৰনেশ্যনেল ডেস্ক, ২৮জুলাই : ফিলিপাইনছত ভয়ংকৰ নাও দুৰ্ঘটনা । ফিলিপাইনছৰ ৰাজধানী মানিলাৰ সমীপত সংঘটিত হয় এই শোকাৱহ নাও দুৰ্ঘটনাটো (Boat capsizes in Philippines) । এই শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ ফিলিপাইনত শোকৰ ছাঁ পৰিছে । প্ৰাপ্ত তথ্য় অনুসৰি,এই শোকাৱহ দুৰ্ঘটনাৰ ফলত ৩০ গৰাকী যাত্ৰীৰ মৃত্যু হয় (30 feared dead as boat capsizes in Philippines) ।

ফিলিপাইনছৰ সংবাদ সংস্থাই জনোৱা মতে, বৃহস্পতিবাৰে ফিলিপাইনছৰ ৰাজধানী মানিলাৰ সমীপৰ এটা হ্ৰদত এই দুৰ্ঘটনাটো সংঘটিত হয় । আৰু এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৩০ গৰাকী যাত্ৰীৰ নিহত হোৱাৰ আশংকা কৰা হৈছে । দুৰ্ঘটনাত পতিত নাওখনৰ নাম এমবিচিএ প্ৰিন্সেচ আয়া বুলি জানিব পৰা গৈছে । ফিলিপাইনছৰ উপকূলৰক্ষী বাহিনীয়ে কোৱা মতে, নাওখন বিনাংগোনানৰ বাৰাংগে কালিনাৱানৰ পৰা প্ৰায় ৫০ গজ দূৰৈত ডুব যায় ।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি, নাও দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ১ মান বজাত সংঘটিত হয় । তীব্ৰগতি বেগেৰে বতাহে মটৰচালিত নাওখনত খুন্দা মাৰে যাৰ ফলত যাত্ৰীসকল আতংকিত হৈ পৰে আৰু বন্দৰৰ ফালে তেওঁলোক গোট খাই । ফলত নাওখন ডুবি যায় বুলি আশংকা কৰা হয় (At least 30 killed after boat capsizes in Philippines) ।

উল্লেখ যোগ্য যে, এতিয়ালৈকে এই দুৰ্ঘটনাৰ ফলত উদ্ধাৰ হোৱা আৰু হতাহত হোৱা ব্যক্তিৰ সংখ্যা চূড়ান্ত হোৱা নাই আৰু এতিয়াও তদন্ত চলি আছে আৰু উদ্ধাৰ অভিযানো চলি আছে । দুৰ্ঘটনাটোৰ সময়ত নাওখনত কিমানগৰাকী যাত্ৰী আছিল সেই কথা নিশ্চিত হোৱা নাই । আনহাতে কেইবাগৰাকী লোকে জনোৱা অনুসৰি, তেওঁলোকৰ পৰিয়ালৰ লোক এতিয়াও সন্ধানহীন হৈ আছে । ফিলিপাইনছত প্ৰায় এনে ধৰণৰ নাও দুৰ্ঘটনাও সংঘটিত হোৱা দেখা যায় ।

ক’ষ্ট গাৰ্ডৰ মুখপাত্ৰ আৰ্মাণ্ড বালিলোৱে জনোৱা মতে, নাওখনৰ কেপ্তেইন আৰু অপাৰেটৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হ’ব। আৰু তেওঁ জনোৱা অনুসৰি, ইতিমধ্য়ে কৰ্মীসকলকে ধৰি তদন্তৰ আহ্বান জনাইছে । প্ৰায় ৪০ জন যাত্ৰীৰ বাবে ডিজাইন কৰা এই জাহাজখনত কিমান লোকক উঠিবলৈ দিয়া হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ক’ষ্ট গাৰ্ডে জনোৱা মতে, মেনিফেষ্টত মাত্ৰ ২২ জনৰ নামহে দেখা গৈছে। এই ভয়ংকৰ ঘটনাৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক : UP woman kills husband : স্বামীক কুঠাৰেৰে কাটি নৃশংসভাৱে হত্যা পত্নীৰ