3 Year Jail For Senior Tamil Nadu Minister In Corruption Case : দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত তামিলনাডুৰ মন্ত্ৰী কে পোনমুডি ;তিনি বছৰৰ কাৰাদণ্ড প্ৰদান
নেশ্যনেল ডেস্ক, ২১ডিচেম্বৰ : দোষী সাব্যস্ত হ’ল তামিলনাডুৰ মন্ত্ৰী কে পোনমুডি । আজি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে তামিলনাডুৰ মন্ত্ৰী গৰাকীক । বৃহস্পতিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিলে তামিলনাডুৰ শাসকীয় দল ডিএমকেৰ উচ্চ শিক্ষাৰ মন্ত্ৰী গৰাকীক(DMK minister K Ponmudy gets 3 yrs in prison in disproportionate assets case) ।
বৃহস্পতিবাৰে দুৰ্নীতিৰ গোচৰত ন্যায়ালয়ে মন্ত্ৰীগৰাকীক দোষী সাব্যস্ত কৰাৰ পাছতে বিধায়ক আৰু মন্ত্ৰী পদক পৰা তৎকালীনভাৱে অযোগ্য ঘোষণা কৰে(3 Year Jail For Senior Tamil Nadu Minister In Corruption Case)।
জানিব পৰা মতে, আদালতে মন্ত্ৰীগৰাকীক এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ সুবিধা দিবৰ বাবে ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখিছে ।
উল্লেখ্য যে তিনি বছৰৰ বাবে দোষী সাব্যস্ত হোৱাৰ ফলত তেওঁ বিধায়ক হিচাপে স্বয়ংক্ৰিয়ভাৱে অযোগ্য হ’ব । যাৰ বাবে তেওঁক এম কে ষ্টালিন নেতৃত্বাধীন কেবিনেটৰ পৰা বাদ দিয়া হ’ব পাৰে(Tamil Nadu minister K Ponmudy and wife sentenced to 3 years in jail in disproportionate assets case) ।
ন্যায়ালয়ে মঙলবাৰে বিচাৰ আদালতৰ এক আদেশ বাতিল কৰে, য’ত মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নী পি বিশালাক্ষীক ১.৭৫ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত নিৰ্দোষী ঘোষণা কৰিছিল । সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দ্বাৰা দাখিল কৰা আপীলৰ ওপৰত নিৰ্দেশ প্ৰদান কৰি ন্যায়াধীশ জি জয়চন্দ্ৰনে মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নীক তেওঁলোকৰ কথা শুনাৰ পিছত শাস্তিৰ পৰিমাণ ঘোষণা কৰাৰ বাবে ২১ ডিচেম্বৰত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল ।
আনহাতে, ন্যায়াধীশে ভিল্লুপুৰমৰ প্ৰধান জিলা ন্যায়াধীশৰ পোনমুডি আৰু তেওঁৰ পত্নীক গোচৰটোত নিৰ্দোষী সাব্যস্ত কৰা আদেশ বাতিল কৰি এই ৰায় প্ৰদান কৰে ।