3 vegetables are miraculous for diabetes patients : আপুনি বাৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত নেকি ?

ডায়েবেটিছ ৰোগ সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰিছে ৷ কেৱল বয়োজ্যেষ্ঠৰে নহয়, যুৱক-যুৱতীসকলো ডায়েবেটিছৰ কৱলত পৰিবলৈ আৰম্ভ কৰিছে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দুৰ্বল জীৱনশৈলী আৰু মানসিক চাপৰ বাবে ডায়েবেটিছৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ ডায়েবেটিছৰ কোনো নিৰাময় নাই আৰু ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি ৷ যিহেতু ডায়েবেটিছ এক জীৱনযোৰা ৰোগ,এই ৰোগত আক্ৰান্ত ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগিব (3 vegetables are miraculous for diabetes patients) ।
ডায়েবেটিছ ৰোগীয়েও নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে ৷ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ ৰোগীয়ে এনে আহাৰ গ্ৰহণ কৰিব লাগে যি কেৱল তেওঁৰ পেট ভৰ্তি কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে । ডায়েবেটিছ ৰোগীৰ বাবে ব্য়ায়াম আহাৰৰ দৰে গুৰুত্বপূৰ্ণ। ব্য়ায়াম কৰি ডায়েবেটিছ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি । যদিও প্ৰতিজন ব্যক্তিয়ে খোজ কাঢ়িব লাগে,ডায়েবেটিছ ৰোগীসকলে প্ৰতিদিনে ৩০ৰ পৰা ৪৫ মিনিট খোজ কাঢ়িব লাগে । ই ফিটনেছৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।ৰাতিপুৱা আৰু সন্ধিয়াই খোজ কাঢ়িলে তেজত শৰ্কৰাৰ ভাৰসাম্য বজাই ৰাখে আৰু লগতে ৰক্ত শৰ্কৰাৰ স্তৰ বজাই ৰাখে ।
ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ খাদ্য তালিকাত কিছুমান সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে ৷ ডায়েবেটিছ ৰোগীৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সেউজীয়া শাক-পাচলিয়ে যথেষ্ট সহায় কৰে ৷ সেউজীয়া শাক-পাচলি খোৱাটো কেৱল ডায়েবেটিছ ৰোগীৰ বাবেই নহয় বহু গুৰুতৰ ৰোগৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে ৷ কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে সেউজীয়া শাক-পাচলি যথেষ্ট গুৰুত্বপূৰ্ণ যাতে ই শৰীৰক পুষ্টি প্ৰদান কৰে ।
ডায়েবেটিছ ৰোগীৰ বাবে কোনবোৰ শাক-পাচলি প্ৰয়োজন জানো আহত …
পালেং শাক
পালেং এবিধ পুষ্টিকৰ শাক । শীতকালত এই শাক প্ৰচুৰ পৰিমাণে পোৱা যায়। শীতকালত পালেং শাক নিয়মিয়াকৈ খালে,বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে । পালেং শাকত প্ৰচুৰ পৰিমামে ভিটামিন এ পোৱা যায় । তাৰোপৰি কেলচিয়াম,আইৰণ,আঁহ,কাৰ্বহাইৰ্ড্ৰেত,প্ৰটিন,খনিজ পদাৰ্থ,অজৈৱিক নাইট্ৰেত আদি থাকে । পালেং শাকত আইৰণৰ প্ৰচুৰ উৎস বুলি গণ্য কৰা হয় ৷ ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় ৷ ডায়েবেটিছ ৰোগীৰ বাবে পালেং শাক কোনো বৰদানতকৈ কম নহয় ৷ এটি গৱেষণাৰ মতে, পালেং শাকে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে ৷ ডায়েবেটিছ ৰোগীয়েও পালেং শাকৰ ৰস তৈয়াৰ কৰি পান কৰিব পাৰে । ইয়াক খালে শৰীৰে যথেষ্ট পুষ্টি পাব ।ডায়েবেটিছ ৰোগীৰ বাবে পালেং শাক যথেষ্ট গুৰুত্বপূৰ্ণ ।
ভেন্দি
ভেন্দি সকলোৰে বাবে যথেষ্ট উপকাৰী ।স্বাস্থ্য়ৰ বহু সমস্যাৰ পৰা মুক্তি দিয়ে ভেন্দিয়ে । ভেন্দিত প্ৰচুৰ পৰিমাণে কেলছিয়াম,আইৰণ,মেগনেছিয়াম,পটেছিয়াম,ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে । ভেন্দিত ভিটামিন কে যথেষ্ট থাকে যি আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী । ভেন্দি আঁহৰ পৰিমাণ বেছি ৷ গৱেষণাৰ মতে, ভেন্দি খালে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পায় ৷ ভেন্দিত পোৱা আঁহে অন্ত্ৰত চেনিৰ শোষণ লেহেমীয়া কৰে ৷
বিলাহী
বিলাহী এবিধ অতি জনপ্ৰিয় পাচলি । বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ,ভিটামিন বি,ভিটামিন চি,ভিটামিন ডিৰ লগতে ছালফাৰ,পটাছিয়াম,লো পোৱা যায় ।বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমে ।বিলাহী ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী ৷ ইয়াত লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত ৰাখে ৷ উল্লেখ্য যে, ইয়াত থকা ভিটামিন চিৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ একে সময়তে ইয়াৰ উপৰিও বিলাহী খোৱাটোও হৃদযন্ত্ৰৰ বাবে ভাল বুলি বিবেচিত হয় ৷