Local, Vocal, Global

জম্মু-কাশ্মীৰৰ পুলৱামাত আৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ১২ জুন : জম্মু-কাশ্মীৰত বৰ্তমানেও অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান।

দেওবাৰে জম্মু-কাশ্মীৰৰ Pulwamaৰ Drabgam অঞ্চলত হোৱা সংঘৰ্ষত প্ৰায় তিনিজন সন্ত্ৰাসবাদী নিহত হয় বুলি বিষয়াসকলে দেওবাৰে জানিবলৈ দিয়ে।

Kashmir Zone Policeয়ে টুইটাৰযোগে জনাইছিল যে শনিবাৰে সন্ধিয়া প্ৰায় ৬.৫৫ বজাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত আৰক্ষীয়ে ৩ জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে।

নিহত সন্ত্ৰাসবাদীসকল হৈছে সন্ত্ৰাসবাদী সংগঠন Lashkar-e-Taiba  (LET)ৰ সৈতে জড়িত স্থানীয় লোক জুনেইদ শিৰগোজৰী, ফাজিল নাজিৰ ভাট আৰু ইৰফান আহ মালিক ।