Local, Vocal, Global

3 terrorists killed in twin Kupwara operations : জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ;সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,২৯আগষ্ট : জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী।

বুধবাৰে নিশাৰে পৰা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীৰ আৰু সন্ত্ৰাসবাদী মাজত দুটাকৈ পৃথক গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ টাংধৰ আৰু কামকাডীত সংঘটিত হয় এই এনকাউণ্টাৰ ঘটনাটো । বৰ্তমান অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান(3 terrorists killed in twin Kupwara operations)।

ইফালে ৰাজৌৰী জিলাৰ লাঠি অঞ্চলত বৃহস্পতিবাৰে পুৱা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজতো সংঘৰ্ষ হয়। তথ্য অনুসৰি, উক্ত অঞ্চলটোত দুইৰ পৰা তিনি সন্ত্ৰাসবাদী শিৱিৰ আছে ৷ নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চল ঘেৰাও কৰি তালাচী অভিযান চলাই আছে ।

সংবাদ সংস্থা ANI য়ে উল্লেখ কৰা খবৰ অনুসৰি, আৰক্ষী আৰু সেনাৰ দলে যৌথভাৱে লাঠি অঞ্চলতটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে । এই সময়ছোৱাত সেনাৰ যৌথ দলটোৱে সন্দেহজনক এটা স্থানৰ দিশে আগবাঢ়ি যায় ৷ তেনে সময়ত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে ।

ইয়াৰে প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তা বাহিনীয়েও । এইদৰেই দুয়োপক্ষৰ মাজত গুলীচালনা হয় । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীচালনাৰ কথা নিশ্চিত কৰিছে । সূত্ৰ অনুসৰি, দুইৰ পৰা তিনিটা সন্ত্ৰাসবাদী উক্ত অঞ্চলত আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে(3 Terrorists Believed To Have Been Killed In Twin Operations Along LoC In North Kashmir’s Kupwara)।

বিষয়াসকলে জনোৱা মতে, মাচিল ছেক্টৰত দুটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে যদিও তেওঁলোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই । এতিয়াও অব্যাহত আছে এই অভিযান । টাংধৰত সংঘটিত এক সুকীয়া ঘটনাত এজন সন্ত্ৰাসবাদীৰ মৃত্যুৰ আশংকা কৰা হৈছে । এই অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান । টাংধৰত এতিয়াও অব্যাহত আছে এই অভিযান।

লগতে পঢ়ক : Police push back three Bangladeshi nationals on border says CM Himanta : বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ প্ৰচেষ্টা বিফল – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা