Local, Vocal, Global

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ডুব গ’ল ৩ কিশোৰ-কিশোৰী…

ডিজিটেল ডেস্ক:- পহিলা ব’হাগৰ দিনটোতেই আমিনগাঁৱত চাঞ্চল্যকৰ ঘটনা।ৰঙালী বিহুৰ উছাহৰ মাজতে আমিনগাঁৱৰ মৰিয়াপট্টিত এক অঘটন সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ডুবিল ৩ কিশোৰ-কিশোৰী। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় তিনিওগৰাকী কিশোৰ-কিশোৰীক।

ততাতৈয়াকৈ সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।৩ কিশোৰ-কিশোৰীৰ নাম অম্বিকা দাস, জিটু দাস, আনন্দ হালদাৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে তিনিও জনৰে অৱস্থা সম্প্ৰতি সংকটজনক।