Local, Vocal, Global

3 Miners Trapped Inside Illegal Rat-hole Mine Of Patkai Hills for fourth day : চাৰি দিন উকলিল ! আজিও সন্ধান নাই কয়লা খনিত আৱদ্ধ তিনি শ্ৰমিক

নিউজ ডেস্ক,২৯মে’ : চাৰি দিন উকলিল । আজিও সন্ধানহীন কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হোৱা তিনিজন কয়লা শ্ৰমিক । উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ শুংসূত্ৰ উলিওৱা পৰা নাই তিনি শ্ৰমিকক ।

উল্লেখ্য যে,লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল(3 Miners Trapped Inside Illegal Rat-hole Mine Of Patkai Hills for fourth day) ।

তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা বুলি আশংকা কৰা হৈছে ।এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ বুলি জানিব পৰা গৈছে । মেঘালয়ৰ দুজনৰ নাম জন আৰু ফিনাল বুলি গম পোৱা গৈছে ।

এই ঘটনা সংঘটিত হোৱাৰ পিচতে মঙলবাৰে সেই স্থানত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা দূৰ্গা ভূমিজৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটি সঁজাতী দল ৷ দলটোৱে টিককত উপস্থিত হৈ তিনি শ্ৰমিকৰ সন্ধানত চলি থকা উদ্ধাৰ অভিযানৰ লগতে পৰিস্থিতিৰ বুজ লয় ৷

লগতে পঢ়ক : Assam School Student Crushed To Death As Tree Falls Due To Cyclone Impact : মাতৃৰ সৈতে বিদ্যালয়লৈ গৈ থকাৰ সময়ত গছ বাগৰি মৃত্যু ছাত্ৰৰ