Local, Vocal, Global

3 Men Dies in Bid to Rescue Hen From Well : কুঁৱাৰ পৰা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু দুই ভাতৃসহ ৩ জন যুৱকৰ

কাছাৰ,২০মে’ : কুঁৱাৰ পৰা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু দুই ভাতৃসহ ৩ জনৰ। কাছাৰৰ লক্ষীপুৰত সংঘটিত হৈছে এই অঘটনটো ।

দেওবাৰে নিশা কাছাৰৰ লক্ষীপুৰৰ কাছাৰৰ ফুলেৰতল টেক্টৰ টিল্লাৰ এটা কুঁৱাত মুৰ্গী পৰে । তাৰ পিছতে কুঁৱাটোৰ পৰা মুৰ্গী উদ্ধাৰ কৰিবলৈ তিনি যুৱক যায় । যুৱক কেইজন কুঁৱাৰ ভিতৰত গৈ অচেতন হৈ পৰে ।

জানিব পৰা মতে, প্ৰথমে কুঁৱাৰ ভিতৰত প্ৰসনজিৎ দেৱ নামৰ যুৱকজন যায়। কুঁৱাৰ ভিতৰলৈ যৱকজন গৈ অজ্ঞান হৈ পৰে ৷ তাৰ পিছতে ইয়াক প্ৰত্যক্ষ কৰি তেওঁৰ ভাতৃ মনজিৎ দেৱে ভাতৃক উদ্ধাৰৰ কৰিবলৈ বাবে কুঁৱাৰ নামি পৰে । মনজিৎ ভিতৰলৈ গৈ অজ্ঞান হৈ পৰে আৰু ভিতৰতে আৱদ্ধ হৈ পৰে(3 Men Dies in Bid to Rescue Hen From Well in Cachar) ৷

এই ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ঘটনাস্থলীত ভিৰ কৰে স্থানীয় লোক সকলে । ইয়াৰ পিছতে কুঁৱাৰ ভিতৰত নামি যায় স্থানীয় অমিত সেন নামৰ এজন যুৱকসহ দুই ভাতৃৰ পিতৃ সত্যলাল দেৱ । দুৰ্ভাগ্যবশতঃ এই দুজনো কুঁৱাৰ ভিতৰতে আবদ্ধ হৈ পৰে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ।

এই ভয়ংকৰ ঘটনাৰ পিছতে উক্ত স্থানত উপস্থিত থকা আন লোকসকলৰ সহযোগত উদ্ধাৰ অভিযান চলাই যদিও সত্যলাল দেৱক উদ্ধাৰ কৰে যদিও কুঁৱাৰ ভিতৰতে আবদ্ধ হৈ পৰে দুই ভাতৃ মনজিৎ দেৱ আৰু প্রসনজিৎ দেৱ সহ স্থানীয় অমিত সেন নামৰ যুৱক জন(3 Men Dies in Bid to Rescue Hen From Well) ।

ইফালে এই ভয়ংকৰ ঘটনাৰ খবৰ আৰক্ষীক দিয়া হয় ।ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে SDRFবাহিনী সহ কাছাৰ আৰক্ষীৰ বিশাল বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু SDRF বাহিনীৰ দলটোৱে কুঁৱাত আৱদ্ধ যুৱক তিনিজনৰ উদ্ধাৰ কৰিবলৈ উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযানত নামি পৰে । মুখত অক্সিজেন লগাই SDRF ৰ জোৱান সকল আবদ্ধ তিনিজনক উদ্ধাৰৰ বাবে কুঁৱাত ভিতৰত নামি পৰে আৰু প্ৰায় এঘণ্টা চেষ্টাৰ অন্তত কুয়াৰ ভিতৰৰ পৰা তিনিজন যুৱক উদ্ধাৰ কৰে SDRF বাহিনীয়ে । অচেতন অবস্থাত তিনি জনক উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজলৈ ।

কিন্তু মেডিকেল কলেজত লৈ যোৱাৰ পাছত চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে । দীৰ্ঘ সময় কুঁৱাত আবদ্ধ হৈ থকাৰ ফলত শ্বাসৰুদ্ধ হৈ তিনিজনৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হয় ।

লগতে পঢ়ক: Massive fire breaks out at Barpeta : বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত বহু লক্ষাধিক টকাৰ সা-সম্পত্তিৰ