3 members of proscribed PREPAK organization arrested : মণিপুৰত গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠন ইউএনএলএফ (পি)ৰ এজন আৰু প্ৰিপাকৰ চাৰিজন সক্ৰিয় সদস্যক
নিউজ ডেস্ক,২১মে’ : অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ দুটাকৈ পৃথক পৃথক স্থানত অভিযান চলাই । অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ পৰা নিষিদ্ধ সংগঠন ইউএনএলএফ (পি)ৰ এজন আৰু প্ৰিপাকৰ তিনিজন সহ চাৰিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে(3 members of proscribed PREPAK organization arrested in Manipur)।
গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী কেইজনৰ পৰা পিস্তল, মেগজিন, গুলি সহ নগদ ১ লাখ ৯০ হাজাৰ টকা জব্দ কৰিছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, ইম্ফল পশ্চিম জিলাৰ থাংগল বজাৰৰ পৰা পিপলছ ৰিভল্যুচনেৰী পাৰ্টি অৱ কাংগলেইপাকৰ (প্ৰিপাক)ৰ ৪জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত কেডাৰ কেইজন- কনথৌজাম কুমাৰ সিং (৪৬), অংকুৰ মহাৱাৰ (৪০), আৰু নবীন মহাৱাৰ (৪৮)। তালাচীৰ সময়ত উগ্ৰপন্থী কেইজনৰ পৰা নগদ ১,৯০,০০০ টকা আৰু তিনিটা মোবাইল ফোন উদ্ধাৰ কৰা হয়। উগ্ৰপন্থী কেইজন ধন দাবীৰ সৈতে জড়িত আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে(3 members of proscribed PREPAK organization arrested )।
লগতে পঢ়ক : wild elephant attack in Golaghat : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন