Local, Vocal, Global

Tragic Collision on Badarpur Flyover : বিবাহ অনুষ্ঠানৰ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; নিহত ৩জন, আহত ৪জন

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ : বিবাহ অনুষ্ঠানৰ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা । নিহত তিনিজনকৈ লোক , আহত চাৰিজন । দিল্লীৰ দক্ষিণ-পূবৰ বদৰপুৰ সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Collision on Badarpur Flyover) ।

জানিব পৰা মতে, ফৰিদাবাদত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন লোক আহত হয় ।

আৰক্ষী উপাযুক্ত (দক্ষিণ-পূব) ৰাজেশ দেও জনোৱা অনুসৰি শনিবাৰে নিশা প্ৰায় ১২.৪৮ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । আৰক্ষীলৈ নিশা প্ৰায় ১২.৪৮ মান বজাত প্ৰত্যক্ষদৰ্শীৰ ফোন আহিছিল আৰু ঘটনা সন্দৰ্ভত অৱগত কৰিছিল(3 killed, 4 injured in car-truck collision on Delhi’s Badarpur flyover)।

আৰক্ষীয়ে কয় যে, আনছুল (১৮)ৰ অৱস্থা সংকটজনক হোৱাৰ বিপৰীতে নীৰজ (১৮), অজিত (২৮) আৰু বিশাল (২৮) চিকিৎসাধীন অৱস্থাত আছে । আটাইকেইজন একেটা অঞ্চলৰে বাসিন্দা ।

আৰক্ষী উপাযুক্ত (দক্ষিণ-পূব) ৰাজেশ দেওয়ে ঘটনা সন্দৰ্ভত বিতং তথ্য দি কয়, “বদৰপুৰ ফ্লাই অভাৰত মাৰুতি অল্ট’ গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিচত বিপৰীত দিশে বাহনখন যায় ৷ এই সময়তে মাৰুতি অল্ট’খনৰ সৈতে এখন ট্ৰাকৰ সংঘৰ্ষ হয় । সাতজন লোককে এইমছ ট্ৰমা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয়(3 dead, 4 injured after speeding car collides with truck on Badarpur flyover) ।”

লগতে পঢ়ক : Tragic Road Accident in Dhakuakhana : মৰ্মান্তিক দুৰ্ঘটনা;বাইকৰ খুন্দাত নিহত কিশোৰ