Local, Vocal, Global

3 Friends Missing While Swimming In Manas National Park : হৃদয় বিদাৰক! বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই যুৱক, পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ

নিউজ ডেস্ক,২ মে’ : এক মৰ্মান্তিক ঘটনা ! কেমেৰা লেন্সত প্ৰাকৃতিৰ নৈসৰ্গিক দৃশ্য বন্দী কৰিবলৈ গৈ মৃত্যু তিনি যুৱকৰ ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক হৃদয় বিদাকৰ ঘটনা। মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিলে তিনি বন্ধু ।

উল্লেখ্য যে, ২ বন্ধুয়ে ভ্ৰমণৰ বাবে গৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ। লগতে লৈ গৈছিল নিজৰ ভাতৃকো।উপভোগ কৰিবলৈ গৈছিল মানাস ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্য। কিন্তু সকলো ভৱা কথা সফল নহয়। বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে তিনি যুৱক । তাৰে এজন যুৱকৰ মৃতদেহ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে যদিও দুজন এতিয়াও সন্ধানহীন হৈ আছে(3 Friends Missing While Swimming In Manas National Park) ।

নিখোজ হোৱা দুই যুৱক বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ দ্বীপ সাহা, আৰু অভিজিৎ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।আনহাতে ৰাজ সাহা মৃতদেহ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে।

বৃহস্পতিবাৰে পুৱা বেকী নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ৰাজ সাহা নামৰ যুৱক গৰাকীৰ মৃতদেহ৷ পেছাত ৰাজ সাহা আছিল এজন ফটোগ্ৰাফাৰ। আনহাতে সন্ধানহীন হৈ থকা দ্বীপ সাহা আছিল মৃত ৰাজ সাহাৰ ভাতৃৰ। দ্বীপ সাহা পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী আছিল। আনফালে এতিয়াও নিখোজ হৈ থকা অভিজিৎ কৰ্মকাৰ আছিল জুৱেলাৰীৰ কৰ্মচাৰী। ঘটনাৰ পিছতে বৰপেটা ৰোডৰ পৰিছে শোকৰ ছাঁ(3 Friends Missing While Swimming In Manas National Park; One Body Recovered)।

লগতে পঢ়ক : Assam Police arrest 3 KLO members : নৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বোমা;আটক ৩ KLO সদস্য