Fire in Jharkhand : ভয়ংকৰ অগ্নিকাণ্ড; একেটা পৰিয়ালৰ মৃত্যু তিনিজনকৈ সদস্যৰ

নেশ্যনেল ডেস্ক, ১৪নৱেম্বৰ : দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা( Fire in Jharkhand) । সোমবাৰে নিশা ঝাড়খণ্ডৰ ধনবাদৰ কেন্দুআদিহ থানা এলেকাৰ জেৱাৰপট্টিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত দুগৰাকী মহিলাসহ এটি ডেৰবছৰীয়া কন্যা শিশু নিহত হয় লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজন লোক । আহত লোক তিনিজনক সম্প্ৰতি সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
জানিব পৰা মতে, তেওঁলোক আটাইকেইজন একেটা পৰিয়ালৰে সদস্য ।
উল্লেখ্য যে, কেন্দুআদিহ থানা এলেকাৰ কেন্দুৱা বজাৰত অৱস্থিত জেৱাৰপট্টিৰ এছ কে জেনেৰেল শ্ৰিংগাৰ ষ্ট’ৰত সংঘটিত হৈছিল এই অগ্নিকাণ্ডটো । এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইৰ লেলিহান শিখাই মেকআপ ষ্ট’ৰৰ কাষতে থকা ইলেক্ট্ৰনিক দোকানখনো আগুৰি ধৰে। স্থানীয় ৰাইজে এই অগ্নি প্ৰত্য়ক্ষ কৰাৰ লগে লগে জুই নিৰ্বাপনৰ চেষ্টা কৰে আৰু অগ্নিনিৰ্বাপক বাহিনীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে ।ঘটনাৰ সম্পৰ্কে খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে(3 family members killed in Brooklyn fire) ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই অগ্নিকাণ্ড সংঘটিত হোৱা মেকআপ ষ্ট’ৰৰ ঠিক ওপৰৰ ঘৰটোত এটা পৰিয়ালৰ ছয়জন সদস্য আছিল । অগ্নিনিৰ্বাপক বাহিনী বাহন অহাৰ পূৰ্বেই স্থানীয় ৰাইজে দোকানৰ ওপৰত থকা ঘৰটোত বাস কৰা লোকসকলৰ জীৱন ৰক্ষাৰ চেষ্টা চলাইছিল । ইফালে ব্যাপক অগ্নিকাণ্ডৰ বাবে ঘৰটোত থকা পৰিয়ালটোৰ লোকৰ অৱস্থাৰ অৱনতি ঘটিছিল । স্থানীয় লোকে পথৰ ওপৰৰ বেলকনিত জখলা লগাই ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি তিনিজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়(3 members of family die of suffocation after fire breaks out) ৷
ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যক উলিয়াই আনে ।
লগতে পঢ়ক :New Born Baby Rescued : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড ! পথৰ কাষত মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক