3 dead, several injured as police bus collides with tractor : আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ;নিহত ৩জনকৈ আৰক্ষী,আহত ১০জন

নেশ্যনেল ডেস্ক, ১৭ জানুৱাৰী : পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা । আৰক্ষীৰ বাছৰ ৰখাই থোৱা ট্ৰ’লীত খুন্দা । ফলত নিহত হয় ৩জনকৈ আৰক্ষী লগতে আহত হয় ১০জনকৈ আৰক্ষী ।ঘন কুঁৱলীৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো ৷
উল্লেখ্য যে, পঞ্জাৱ আৰক্ষীৰ এখন বাছে এখন ৰখাই থোৱা ট্ৰ’লী গাড়ীত খুন্দা মাৰি দিয়াৰ ফলত এগৰাকী মহিলাকে ধৰি ৩ জন আৰক্ষী জোৱান নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছে ৷ আহত জোৱানকেইজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে(3 Punjab Police personnel killed, 20 injured as bus collides with trolley in Hoshiarpur) ।
জানিব পৰা মতে, বাছখন জলন্ধৰৰ পৰা গুৰদাসপুৰলৈ গৈ আছিল এখন আৰক্ষীৰ বাহন আৰু সেই সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।
এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰায় ১০ জন আৰক্ষী জোৱান আহত হোৱাৰ লগতে নিহত হয় ৩ জনকৈ আৰক্ষী।
পাঠানকোটৰ ASI কুলৱিন্দৰ সিঙে জানিবলৈ দিয়া অনুসৰি, পাঠানকোটৰ ASI কুলৱিন্দৰ সিঙে গুৰুদ্বাৰ চাহাবলৈ গৈ থকা অৱস্থাতে আত্মীয় এজনৰ পৰা ফোনযোগে খবৰটো লাভ কৰাত দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বাছখন বেয়াকৈ ট্ৰ’লীৰ চকাত আৱদ্ধ হৈ পৰি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত থকা আন লোকৰ সহযোগত আহতসকলক ক্ষিপ্ৰতাৰে বাহিৰলৈ উলিয়াই অনা হৈছে বুলি সিঙে জনায়( 3 dead, several injured as police bus collides with tractor) ।
সিঙে কয় যে এই দুৰ্ঘটনাস্থলীত এগৰাকী মহিলা আৰক্ষীকে ধৰি ৩ জন আৰক্ষীৰ বৰ্তমানলৈ মৃত্যু হয় । তেওঁ লগতে কয় যে এই বাছখন জলন্ধৰৰ পৰা গুৰদাছপুৰলৈ গৈ আছিল । তেওঁ কয় যে থিতাতে মৃত্যু হোৱা মৃতকৰ ভিতৰত এ এছ আইও আছে । বাকী আহত আৰক্ষীসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় । পঞ্জাৱ আৰক্ষীয়ে বুধবাৰে চণ্ডীগড়ত ৪৬১ জন নতুন কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে । উক্ত দিনাই সংঘটিত হৈছে এনে শোকাৱহ দুৰ্ঘটনাটো । নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী মানে ২ মিনিটৰ মৌনতা অৱলম্বন কৰি মৃত আৰক্ষীসকললৈ শ্ৰদ্ধাঞ্জলি জনায় । তেওঁ কয় যে অতি সোনকালে পথ দুৰ্ঘটনাত হোৱা ক্ষতি হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । শীঘ্ৰে মোতায়েন কৰা হ’ব এছ এছ এফৰ দল ।
পথ দুৰ্ঘটনাত তিনিজন আৰক্ষী জোৱানৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ দুই কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে ।
লগতে পঢ়ক : Another Cold Day Witnessed in Delhi : প্ৰচণ্ড শীতৰ প্ৰকোপ ৰাজধানী চহৰ দিল্লীত; দেশৰ ৰাজধানীত পাৰাস্তম্ভ নামিল ৪ ডিগ্ৰী পৰ্যন্ত