Uttarakhand Landslide : উত্তৰাখণ্ডত প্ৰকৃতিৰ কালৰূপ ধাৰণ
নেশ্যনেল ডেস্ক, ৫আগষ্ট : উত্তৰাখণ্ডত ভূমিস্খলন(Uttarakhand Landslide) ।বৃহস্পতিবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন হয় । কেদাৰ নাথৰ লগতে সোণপ্ৰয়াগ,গৌৰীকুণ্ডৰ লগতে ইয়াৰ আশে পাশে থকা বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণে ধ্বংসলীলা চলাই(Kedarnath Landslid) ।
বৃহস্পতিবাৰৰ নিশাৰ পৰা উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত ধাৰাসাৰ বৰষুণ হয় । উত্তৰাখণ্ডৰ সোণপ্ৰয়াগ, গৌৰীকুণ্ড আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন অঞ্চল সমূহত হোৱা ধাৰাসাৰ বৰষুণে ধ্বংসলীলা চলাই । ধাৰাষাৰ বৰষুণৰ ফলত গৌৰীকুণ্ডত পাহাৰৰ পৰা নামি অহা ধ্বংসাৱশেষৰ বিস্তৰভাৱে ক্ষতিসাধন হয় ।ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা শিল,বালি, বোকামাটি আদি নামি আহে আৰু বিস্তাৰ ক্ষতিসাধন কৰে(Landslide strikes Kedarnath Yatra route dozen feared missing) ।
উত্তৰাখণ্ডত এতিয়াই প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে ।উত্তৰাখণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । ৰুদ্ৰপ্ৰয়াগ, গৌৰীকুণ্ড আদিত এক অভাৱণীয় পৰিৱেশে বিৰাজ কৰিছে। ইফালে পৰ্যটকে ভিৰ কৰি আছে গৌৰীকুণ্ড আৰু ৰুদ্ৰপ্ৰয়াগ ।
ইয়াৰ মাজতে ৰুদ্ৰপ্ৰয়াগ জিলাত হোৱা ভয়ংকৰ ভূমিস্খলনে এতিয়া শংকিত কৰি তুলিছে ।এই ভয়ংকৰ ভূমিস্খলনত ৩ জন লোক নিহত হোৱাৰ লগতে ১৭ গৰাকী লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে(Three Killed 17 Missing After Massive Landslide In Rudraprayag)।
জিলা প্ৰশাসনৰ জনোৱা অনুসৰি, ৰুদ্ৰপ্ৰয়াগৰ গৌৰীকুণ্ডত কেদাৰনাথৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে। ইয়াৰ ফলত ব্যাহত হৈ পৰিছে কেদাৰনাথ যাত্ৰা । আৱদ্ধ হৈ পৰিছে বহু স্থানত পৰ্যটকসকল ।
বিষয়াসকলে জনোৱা অনুসৰি,শুকুৰবাৰে ধাৰাষাৰ বৰষুণৰ ফলত গৌৰীকুণ্ডত পাহাৰৰ পৰা নামি অহা ধ্বংসাৱশেষৰ ফলত দুখন বিপনীৰ বিস্তৰভাৱে ক্ষতিসাধন হয়(3 Dead 17 Missing In Rudraprayag Landslide) । ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা শিল,বালি, বোকামাটি আদি নামি আহে আৰু বিপনীকেইখনৰ ওপৰতে পৰে আৰু বিপনীৰ ক্ষতিসাধন হয় (Landslide strikes Kedarnath Yatra route dozen feared missing) । সেই সময়ত বিপনীৰ ভিতৰত বহু লোক শুই আছিল আৰু সেয় সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত যাৰ ফলত দোকানত শুই থকা লোকসকলে বাহিৰলৈ ওলাই যোৱাৰ কোনো সুযোগে নাপালে আৰু ভিতৰতে আৱদ্ধ ।
এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে এছডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও একেৰাহে হৈ থকা বৰষুণ আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিব নোৱাৰে । প্ৰাপ্ত তথ্য অনুসৰি, ইয়াৰে আৱদ্ধ হৈ থকা লোকসকলৰ ভিতৰত অধিকাংশই স্থানীয় লোক ।
জানিব পৰা মতে, সেই সময়ত বিপনীকেইখনত ৪ গৰাকী স্থানীয় লোক আৰু ১৬ গৰাকী নেপালী সম্প্ৰদায়ৰ লোক আছিল ।
লগতে পঢ়ক : Kedarnath Landslide: উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত ধাৰাসাৰ বৰষুণ