Local, Vocal, Global

3 CRPF personnel killed, 15 injured in Maoist attack : নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ;সংঘৰ্ষত ছহিদ ৩গৰাকী আৰক্ষী জোৱান,আহত ১৪গৰাকী

নেশ্যনেল ডেস্ক,৩১জানুৱাৰী : ছত্তীশগড়ত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত ছহিদ তিনিজনকৈ সৈনিক , আহত ১৪গৰাকীকৈ আৰক্ষী জোৱান(3 CRPF personnel killed, 15 injured in Maoist attack ) ।মাওবাদীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান এজন ।মৃত জোৱানজন অসমৰ চিৰাঙৰ কাকৰাগাওঁৰ লম্বোদৰ সিংহ বুলি জানিব পৰা গৈছে(3 CRPF personnel killed, 15 injured in Maoist attack in Bastar) ৷

বস্তাৰৰ আইজি পি সুন্দৰৰাজে এই ঘটনাৰ কথা নিশ্চিত কৰিছিল ।

ছত্তীশগড়ৰ আইজিয়ে জনোৱা অনুসৰি,মঙলবাৰে নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । গুলীয়াগুলীত ১৪ জনকৈ সৈনিক আহত হোৱাৰ লগতে ছহিদ হয় ৩জনকৈ জোৱান, আহত জোৱান কেইজন বৰ্তমান সুস্থ অৱস্থা আছে বুলি জানিব পৰা গৈছে(3 Jawans Martyred, 15 Injured in Maoist Attack in Chhattisgarh’s Bijapur) ৷

ইফালে আইজিয়ে দাবী কৰা অনুসৰি, নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীয়াগুলীত জোৱানৰ গুলীত ৫ জনতকৈও অধিক মাওবাদী নিহত হয় ।

প্ৰাপ্ত তথ্য় অনুসৰি, মঙলবাৰে কোব্ৰাৰ ২০১ নং বেটেলিয়ন আৰু চিআৰপিএফৰ ১৫০ নং বেটেলিয়নৰ এটা দলে অঞ্চলটোত ফৰৱাৰ্ড অপাৰেটিং বেছ (এফঅ’বি) স্থাপনৰ বাবে কাম কৰি থকাৰ সময়তে দুপৰীয়া প্ৰায় ১ মান বজাত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷

এই ঘটনা সন্দৰ্ভত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে কয়,”নক্সালৰ ফালৰ পৰা প্ৰথমে গুলীবৰ্ষণ কৰিছিল, আমাৰ জোৱানসকলে গুলীৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল। বিজেপিয়ে ছত্তীশগড়ত চৰকাৰ গঠন কৰাৰ পিচতে আমি নক্সালসকলক উপযুক্ত প্ৰত্যুত্তৰ দিছো । তিনিজন জোৱানে প্ৰাণ আহুতি দিয়ে । দ্বৈত ইঞ্জিনৰ চৰকাৰে অনাগত দিনত নক্সালবাদীসকলৰ অৱসান ঘটাব(Assam Mourns As Martyred CRPF Jawan Lambadhar Singha Loses Life In Chhattisgarh Maoist Encounter)।”

লগতে পঢ়ক : Parliament Budget Session : ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন