Local, Vocal, Global

NIT Moral Policing: শিলচৰ মৰেল পুলিচিঙৰ ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব শিলচৰ NIT কৰ্তৃপক্ষই

শিলচৰ, ৩০জুলাই : শিলচৰ NIT শিক্ষানুষ্ঠানত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা। শিলচৰ NIT শিক্ষানুষ্ঠানত ছাত্ৰ নামি পৰিছিল মৰেল পুলিচঙত। NIT ৰ তিনি ৰান্ধনীক দলবদ্ধ আক্ৰমণ চলাইছিল একাংশ গুণ্ডাৰূপী ছাত্ৰই (NIT Moral Policing) । গুণ্ডাৰূপী ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল তিনি ৰান্ধনী । জানিব পৰা মতে,মবাইল চোৰৰ অভিযোগত আক্ৰমণ কৰিছিল NIT ৰ তিনি ৰান্ধনীক ।

এই সমগ্ৰ মাৰপিটৰ ঘটনা ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (youth injured after being brutally beaten up by some NIT students silchar) ৷

জানিব পৰা মতে, শিলচৰ NIT ৰ 9 নং হোষ্টেলত বুধবাৰৰ নিশা সংঘটিত হৈছিল এই ঘটনাৰ । এন আই টিখনৰ ৪ নং হোষ্টেলৰ এগৰাকী ছাত্ৰৰ ম’বাইল এটা চুৰি হৈছিল আৰু এই ফোন চুৰিৰ অভিযোগত এন আই টি ৰ একাংশ ছাত্ৰই মনা দাস, বিকি ৰি আৰু দৰ্পণ ৰাজকুমাৰ নামৰ তিনিজন ৰান্ধনীক আটক কৰে । ইয়াৰ পাছতে তিনি ৰান্ধনীক গাড়ী তুলি এন আই টিৰ ৯ নং হোষ্টেলত লৈ যায় আৰু তাত ৰান্ধনী তিনিগৰাকীক মাৰপিট কৰে ১০/১২ জনীয়া দলটোৱে । গুণ্ডাৰূপী ছাত্ৰৰ আক্ৰমণত গুৰুতৰ আহত হয় তিনি ৰান্ধনী ।আৰু গুৰুতৰভাৱে আহত হয়(3 cooks of NIT hostel in silchar thrashed by students) ।

ইয়াৰ পাছতে আহত ৰান্ধনী তিনিগৰাকীক শিলচৰ মেডিকেল কলেজত লৈ যোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ কৰি মনা দাস আৰু বিকি ৰিক চিকিৎসকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে যদিও কিন্তু দৰ্পণ ৰাজকুমাৰৰ গুৰুতৰভৱে আহত হোৱা বাবে হাস্পতালতে ৰখা হয়(Three cooks were attacked by students) । বৰ্তমান দৰ্পণ ৰাজকুমাৰৰ চিকিৎসালয়ত চিকিৎসধীন হৈ আছে । ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে । আনহাতে এই সমগ্ৰ ঘটনাৰ হোষ্টেল তথা NIT ৰ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল।

এই ঘটনা সন্দৰ্ভত NIT কৰ্তৃপক্ষই এখন তদন্ত সমিতি গঠন কৰে । শনিবাৰৰ বিয়লি তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰে ।

এই প্ৰতিবেদন লাভ কৰাৰ পিছতেই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত কয়, শিক্ষা প্ৰতিষ্ঠানখনৰ পঞ্জীয়ক কে এল বৈষ্ণৱে । লগতে, নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় পঞ্জীয়কগৰাকীয়ে । শিলচৰ NIT ত সংঘটিত হোৱা এই মৰেল পুলিচিঙৰ সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচতে কাছাৰ আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

শনিবাৰে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস, সদৰ থানাৰ অ’ চি অৰ্মিত কুমাৰ সিং, আৰক্ষীৰ এটা দলে NIT ত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : NIT Moral Policing: তিনি গৰাকী ৰান্ধনীক দলৱদ্ধ আক্ৰমণ ছাত্ৰৰ