শিৱসাগৰত বিধ্বংসী অগ্মিকাণ্ড, ভষ্মীভূত হয় ৩খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান

নিউজ ডেস্ক, ১৩ মাৰ্চঃ শনিবাৰে নিশা প্ৰায় ১.৩০ বজাত শিৱসাগৰৰ নঙলামৰাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
এই ভয়াৱহ অগ্নিকাণ্ডত নিমিষতে জ্বলি ভষ্মীভূত হয় ব্যৱসায়ী দুৰ্গেশ্বৰ দাসৰ তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।
জুইৰ লেলিহান শিখাই আৱৰি ধৰে তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।
এই প্ৰতিষ্ঠান কেইখন জ্বলি ভষ্মীভূত হোৱাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত নহ’ল। কাৰণ একমাত্ৰ নৱনিৰ্মিত দিচাং নৈৰ দলঙৰ বাবে যাব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
এই ভয়ংকৰ অগ্মিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয়। লগতে বহু ক্ষয় ক্ষতি সাধন হয় এই অগ্নিকাণ্ডত।কিন্তু সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক আহত হোৱা নাই।