Bus falls into gorge in J-K’s Budgam: দ’ খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছ;নিহত ৩জন,আহত ৬ জন

নেশ্যনেল ডেস্ক,২১ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ বদগামত ভয়ংকৰ দুৰ্ঘটনা।বুডগাম জিলাত খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছ ।ফলত নিহত ৩জন জোৱান, আহত ৬ জনকৈ জোৱান। আহত জোৱানসকলক ভৰ্তি কৰোৱা হয় চিকিত্সালয়ত(3 BSF personnel killed after bus falls into gorge in J&K’s Budgam)।
জানিব পৰা মতে, BSFৰ জোৱানভৰ্তি বাহনখন জম্মু-কাশ্মীৰ একা-বেঁকা পথেৰে গৈ আছিল। BSFৰ শিৱিৰলৈ গৈ আছিল বাহনখন। গৈ থকা থকা অৱস্থাতে হঠাৎ পাহাৰীয়া পথৰ পৰা ২০০ ফুট তলত বাগৰি পৰে BSFৰ জোৱানভৰ্তি বাছখন(Bus falls into gorge in J-K’s Budgam)।
ফলত ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক আঁকোৱালি ল’লে ৩ গৰাকী BSF জোৱানে, আহত হয় ৬ জন জোৱান। আহত জোৱান কেইজনক ততাতৈয়াকৈ উদ্ধাৰ কৰিসংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত হেলিকপ্টাৰেৰে আহতসকলক সামৰিক চিকিৎসালয় পাঠানকোটলৈ স্থানান্তৰ কৰা হয়।
লগতে পঢ়ক :Road accident in Narayanapur : মৃতদেহ কঢিয়াই অনা এম্বুলেন্স আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ;আহত ৫জন