3 bodies found in Manipur’s Barak river: মণিপুৰৰ বৰাক নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ তিনিটা মৃতদেহ
নিউজ ডেস্ক,১৬নৱেম্বৰ : অৱশেষত উদ্ধাৰ মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা অপহৰণ হোৱা ৬ মেইটেই লোকৰ তিনিগৰাকীৰ মৃতদেহ। অসম-মণিপুৰ সীমান্তৰ জিৰিবামৰ গিলগাল অঞ্চলৰ বৰাক নৈৰ পৰা উদ্ধাৰ হয় মৃতদেহ তিনিটা। বৰাক নৈত উপঙি আছিল মৃতদেহকেইটা। উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ দুই শিশু আৰু এগৰাকী মহিলা(Bodies of woman and 2 children found floating in Manipur river)।
উদ্ধাৰ হোৱা মৃতদেহকেইটা নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ আনে মণিপুৰ আৰক্ষীয়ে।অপহৰণকাৰী দলে হত্যা কৰি মৃতদেহকেইটা নৈত পেলাই দিয়া বুলি সন্দেহ(3 bodies found in Manipur’s Barak river)।
ঘটনা অনুসৰি, যোৱা সোমাবাৰৰ নিশা জিৰিবামৰ জাকুৰাডহৰৰ পৰা মেইটেই সম্প্ৰদায়ৰ দুটা পৰিয়ালৰ শিশু, মহিলাসহ মুঠ ৬ গৰাকী লোকক অপহৰণ কৰিছিল দুৰ্বৃত্তই।তাৰ মাজতে শুকুৰবাৰে নিশা অপহৃত ৬ গৰাকীৰ মাজত তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।মৃতদেহকেইটা উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
মেইটেই লোকসকলৰ অভিযোগ মতে, কুকি উগ্ৰপন্থীৰ দলে এই অপহৰণকাণ্ড সংঘটিত কৰে।আনহাতে, এই অপহৰণকাণ্ডৰ পিচত মণিপুৰৰ জিৰিবামত মোইটেই সম্প্ৰদায়ৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।