Shameful incident:দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠা লৈ বিদেশী যুৱতীক ৬ যুৱকে মিলি শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰিলে সমগ্ৰ দৃশ্য
নিউজ ডেস্ক,৩ফেব্ৰুৱাৰী : পুনৰ গুৱাহাটীৰ মহানগৰীত ভয়ংকৰ ঘটনা । এইবাৰ মহানগৰীত অশালীন ভিডিঅ’বনোৱাৰ বাবে বাধ্য কৰালে বিদেশী যুৱতীক।
দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠা লৈ বিদেশী যুৱতীক ৬ যুৱকে মিলি শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰিলে সমগ্ৰ দৃশ্য(Shameful incident)।
হোটেলৰ পৰা কৌশলেৰে পলায়ন কৰে বাংলাদেশী যুৱতীগৰাকীয়ে আৰু কাষ চাপে আৰক্ষীৰ। যুৱতীগৰাকীৰ ভাষ্য় অনুসৰি হোটেল আদিত্য পেলেচত অভিযান চলাই মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ লম্পটক। ক্ৰাইম ব্ৰাঞ্চ-আৰক্ষীৰ জালত পৰা লম্পটকেইটা হৈছে বৰপেটাৰ চাদ্দাম হুছেইন, ছফিকুল ইছলাম, চুৰত জামাল, বকোৰ জাহাংগীৰ আলম, ছফিকুল হক আৰু মোল্লা জাহাংগীৰ(3 arrested including suspected Bangladeshi woman over alleged explicit video creation)।
ভুক্তভোগী বিদেশী যুৱতীয়ে আৰক্ষীৰ সন্মুখত দিছে জঘন্য ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। যুৱতীগৰাকীৰ ভাষ্য অনুসৰি ৭ হাজাৰ টকাৰ বিনিময়ত হাতীগাঁৱৰ জাকিৰ নামৰ এজনে যোগান ধৰিছিল বাংলাদেশী যুৱতীগৰাকীক। অভিযুক্ত জাকিৰৰ বন্ধু বকোৰ ছফিকুল হকৰ হাতত গতাইছিল ২২ বছৰীয়া যুৱতীগৰাকীক।
ইফালে আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্য অনুসৰি আদিত্য পেলেচৰ ১০১ আৰু ১০২ নম্বৰ কোঠাত অভিযান চলাই। অভিযানকালত দলটোৰ পৰা কেইবাটাও মোবাইল ফোন জব্দ কৰাৰ লগতে বহু অপত্তিজনক ৰেকৰ্ডিং জব্দ কৰে ।
জানিব পৰা মতে, ভুৱা আধাৰ কাৰ্ড জমা দি বাংলাদেশী যুৱতীগৰাকীৰ নামত ৰুম বুক কৰিছিল চক্ৰটোৱে। এতিয়াও পলাতক বিদেশী যুৱতী যোগান ধৰা জাকিৰ। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক :Road accident in Sonitpur: শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা