Local, Vocal, Global

গড়চুক আৰক্ষীৰ অভিযানত ড্ৰাগছসহ ৩জনক আটক

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ নিশা মহানগৰীৰ কেইবাস্থানত গড়চুক আৰক্ষীৰ অভিযান। সাউকুছি,দাতলপাৰা, কটাহবাৰীত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা তিনি সৰবৰাহকাৰীৰ নাম বিহাৰৰ ৰাহুল খাৰাও, সাউকুছিৰ ৰিতিক সিং আৰু ৰঙিয়াৰ জিতু মনি কলিতা।

এই অভিযানত জব্দ কৰে ১০ পেকেট নিষিদ্ধ হেৰোইন। হেৰইনখিনিৰ বজাৰ মুল্য ২০ লক্ষাধিক টকাতকৈ অধিক বুলি জানিব পৰা গৈছে । লগতে ২০ পেকেট খালী কন্টেইনাৰ জব্দ কৰে।

জব্দ হোৱা ড্ৰাগচৰ ওজন ১৩২ গ্ৰাম আৰু এই অভিযানত আৰক্ষীয়ে নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয়।

মহানগৰীৰ ভাৰাঘৰত বাহৰ পাতি চলাই গৈছিল ড্ৰাগছৰ সাম্ৰাজ্য। মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ পিছতো চলি আছে এই বেহা।

মহানগৰীৰ ভাড়াঘৰত বাহৰ পাতি তিনিযুৱকে চলাই গৈছিল ড্ৰাগছৰ বেহা। আনহাতে আৰক্ষীৰ জেৰাত জিতুমণিয়ে স্বীকাৰ কৰে যে, তেওঁৰ লগত থকা সম্বন্ধীয় আব্দুল্লা নামৰ যুৱকজনৰ নেতৃত্বতে চলি আছে ড্ৰাগছৰ বেহা। বৰ্তমান আব্দুল্লাক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।