Local, Vocal, Global

ADRE Exam 2024: আজি ADREৰ তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ লিখিত পৰীক্ষা

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : আজি ADREৰ তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ লিখিত পৰীক্ষা।৫,২৯৫ টা পদত অৱৰ্তীৰ্ণ হৈছে প্ৰায় ৭.৩৮ লাখ প্ৰাৰ্থী ।

পৰীক্ষাৰ বাবে কেন্দ্ৰসমূহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা(ADRE Exam 2024)।

পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা ।

নতুন SOPৰে পৰীক্ষাকেন্দ্ৰত সোমাবলৈ দিয়া হৈছে পৰীক্ষাৰ্থীক(2nd Phase of Exam for Assam Govt’s Grade III Posts Today)।

পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ তালাচীৰ বাবে থাকিব পৃথক ব্যৱস্থা। মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক স্থানত কৰা হ’ব তালাচীৰ ব্যৱস্থা। অংগনৱাড়ী কৰ্মী, আশা কৰ্মীৰ উপস্থিতিত মহিলা প্ৰাৰ্থীৰ তালাচী কৰা হ’ব।

আনহাতে, ৰাজ্যৰ ঠায়ে-ঠায়ে কাহিলীপুৱাতে কৰ্তন হৈছে ইণ্টাৰনেট সেৱা। নিৰ্দেশনাত পুৱা ৮.৩০ বজাৰ পৰাহে কৰ্তন কৰাৰ কথা আছিল ইণ্টাৰনেট। বিয়লি ৪.৩০ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট সেৱা। অৱশ্যে এই সময়ছোৱাত ভয়চ কলৰ সুবিধা কাৰ্যক্ষম হৈ থাকিব। লগতে, কাৰ্যক্ষম হৈ থাকিব ব্ৰডবেণ্ড সংযোগ আধাৰিত টেলিফোন সেৱা।

ইণ্টাৰনেট কৰ্তনৰ ফলত সৰ্বসাধাৰণ জনতা সন্মুখীন হৈছে ব্যাপক সমস্যাৰ। আজি দুবেলা অনুষ্ঠিত হ’ব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ তৃতীয় বৰ্গৰ পৰীক্ষা। দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ HSLC পৰ্যায়ৰ চালকৰ পৰীক্ষা। ৰাজ্যৰ ৮২২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব নিযুক্তি পৰীক্ষা।