28 Cows Stolen : অন্তৰ্ধান হ’ল আৰক্ষীয়ে জব্দ কৰা ২৮টাকৈ গৰু
মঙ্গলদৈ, ১৩ডিচেম্বৰ : বিতৰ্কৰ পিছত বিতৰ্কত দৰঙৰ ধূলা আৰক্ষী থানা। বিতৰ্কই যেন লগ এৰা দিয়া নাই দৰঙৰ ধূলা আৰক্ষী থানাৰ ।
এইবাৰ অন্তৰ্ধান হ’ল আৰক্ষীয়ে জব্দ কৰা গৰু(28 Cows Seized By Darrang Police Goes Missing )।
জানিব পৰা মতে, চোৰাং গৰু সৰবৰাহৰ সন্দেহত ধূলা আৰক্ষীয়ে জব্দ কৰিছিল ২৮ টাকৈ গৰু । কিন্তু আৰক্ষীয়ে জব্দ কৰা গৰুকেইটা মঙলদৈৰ এখন গোশালাৰ পৰা নোহোৱা হ’ল । ধূলা আৰক্ষীয়ে জব্দ কৰা ২৮ টাকৈ গৰু বিছাৰি হাবাথুৰি খাইছে গৰু ব্যৱসায়ীয়ে। অকল গৰুৱে নহয় মঙলদৈস্থিত সেই গোঁসালা আৰু গোঁসালাৰ গৰাকীও বৰ্তমান অন্তৰ্ধান।ক’ত গ’ল আৰক্ষীয়ে জব্দ কৰা ২৮ টাকৈ গৰু আৰু সংৰক্ষণ কৰা গোশালা ।
ঘটনা অনুসৰি যোৱা ২১ নৱেম্বৰৰ নিশা ধুলা আৰক্ষী থানাই জব্দ কৰিছিল এখন ট্ৰাকসহ সন্দেহ যুক্ত ২৮ টাকৈ গৰু। ধুলা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল ট্ৰাকসহ গৰু কেইটা।
গৰুৰ গৰাকীৰ মন্তব্য অনুসৰি গৰুকেইটা মঙলদৈৰ নিকতৱৰ্তী ৰঙামাটিৰ এটি গোঁসালাত ৰখাৰ দায়িত্ব দিছিল। গৰু ব্যৱসায়ী সকলে নিজৰ ক্ৰয় কৰা গৰুৰ বৈধ প্ৰমাণ পত্ৰ লৈ ধুলা আৰক্ষীৰ কাষ চপাৰ পিছত এতিয়া গোঁসালাত গৰু বিচাৰি নাপায় বিপাঙত পৰে আৰক্ষী আৰু গৰুৰ গৰাকী(28 Cows Seized By Darrang Police Goes Missing )।