27 killed in stampede at religious event in Uttar Pradesh: ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ মৃত্য়ু ২৭গৰাকীকৈ লোক

নেশ্যনেল ডেস্ক,২জুলাই : উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। উত্তৰ প্ৰদেশৰ এক ধৰ্মীয় অনুষ্ঠানত অঘটন। সৎসংগ অনুষ্ঠানত পদপিষ্টৰ ঘটনা।ফলত নিহত হয় ২৭গৰাকীকৈ লোক। আহত হয় বহু কেইগৰাকী লোক ।মৃতকৰ ভিতৰত আছে ১৯ গৰাকী মহিলা সহ ৩টা শিশু বুলি জানিব পৰা গৈছে(27 killed in stampede at religious event in Uttar Pradesh’s Hathras) ।
প্ৰাপ্ত তথ্য অনুসৰি, ভগৱান শিৱৰ আৰাধনাৰ বাবে অনুষ্ঠিত কৰা হৈছিল ‘সৎসংগ অনুষ্ঠানৰ । পাঁচ হাজাৰৰো অধিক ভক্ত সমবেত হৈছিল ।সেই সময়তে সংঘটিত হয় পদপিষ্টৰ ঘটনা । অনুষ্ঠান আয়োজন কৰা হলটো সৰু আছিল আৰু বাহিৰলৈ ওলোৱা পথটোও অতি সংকীৰ্ণ আছিল ৷ যাৰ বাবে বহু লোক একেলগে ওলাই যাব পৰা নাছিল । অনুষ্ঠানটোক উপস্থিত থকা অধিকাংশ ভক্তই ওচৰৰ গাঁৱৰ পৰা আহিছিল ।
আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে কয়, ‘হাথৰছৰ মোগলাগৰী গাঁৱত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হৈছিল। তেতিয়াই সংঘটিত হয় এই অঘটনটো। এই পৰ্যন্ত ২৭গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ২৩ গৰাকী মহিলা, ৩ গৰাকী শিশু আৰু এজন পুৰুষ। কিয় আৰু কেনেকৈ এনে হ’ল তদন্ত চলি আছে।’’ স্থানীয় সূত্ৰৰ তথ্য অনুসৰি শিশু-মহিলাসহ ১৫ গৰাকী লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে(27 killed in stampede at religious event in Uttar Pradesh)।
ইফালে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আহতসকলক এটাহৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ জিলা প্ৰশাসনে ততাতৈয়াকৈ চিকিৎসকৰ দলক চিকিৎসালয়লৈ প্ৰেৰণ কৰি আহতসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে । সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ওচৰৰ থানাৰ আৰক্ষী বাহিনীকো ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে ।
জ্যেষ্ঠ বিষয়াসকল সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাবলৈ তদাৰক কৰে । ”আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক, চিকিৎসকে তেওঁলোকক চিকিৎসা প্ৰদান কৰি আছে,” হাথৰছৰ এজন বিষয়াই কয়(27 killed in stampede at ‘satsang’ in Uttar Pradesh’s Hathras) ।