Local, Vocal, Global

দিল্লীৰ অগ্নিকাণ্ডত নিহত ২৭ জন আৰু আহত ১২ জন , বৰ্তমানেও সন্ধানহীন হৈ আছে বহুলোক

নিউজ ডেস্ক, ১৪ মে’- শুকুৰবাৰে নিশা মুণ্ডাকা নামৰ এটা চাৰিমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাসন্দৰ্ভত শুকুৰবাৰে নিশা দিল্লী আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোক দুজন হৰিশ গোৱেল আৰু বৰুণ গোৱেল বুলি চিনাক্ত কৰা হৈছে। ইফালে, অগ্নি নিৰ্বাপক বিভাগৰ পৰা সুৰক্ষা ৰক্ষাৰ অনুমতি নোপোৱা ভৱনটোৰ গৰাকীক মনীষ লাক্ৰা বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি জুইৰ ফলত এতিয়ালৈকে কমেও ২৭ জন লোক নিহত আৰু ১২ জন আহত হৈছে। অট্টালিকাৰ পৰা কমেও ৫০ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু কিছুমান এতিয়াও সন্ধানহীন হৈ আছে।

এনডিআৰএফৰ দ্বাৰা বৰ্তমানেও অনুসন্ধান অভিযান চলি আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে যে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক প্ৰত্যেককে ২ লাখ টকা কৈ দিয়া হ’ব। আহতসকলক ৫০,০০০ টকা দিয়া হ’ব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সোনকালেই স্থানটো পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।