Food poisoning : খাদ্যত বিষক্ৰিয়া,অসুস্থ ২৫ জনকৈ চিকিৎসক
নেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ : খাদ্যত বিষক্ৰিয়া । অসুস্থ ২৫ জনকৈ চিকিৎসক ৷ তিনি তাৰকাযুক্ত হোটেলত খাদ্য খাই অসুস্থ চিকিৎসক(Food poisoning) । এই ঘটনাই এতিয়াই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে । লক্ষ্ণৌৰ তিনি তাৰকাযুক্ত হোটেলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাৰ(25 doctors on Lucknow fall ill due to suspected food poisoning) ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হুছেইনগাঞ্জ অঞ্চলৰ এখন তিনি তাৰকাযুক্ত হোটেলত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ উদ্দেশ্য চিকিৎসকৰ দলটো উপস্থিত হৈছিল । চিকিৎসকৰ দলটোৱে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাতিৰ আহাৰ হোটেলখনতে গ্ৰহণ কৰিছিল তাৰ পিছতে অসুস্থ হৈ পৰে চিকিৎসকৰ দলটো(25 doctors fall ill due to suspected food poisoning in Lucknow)।
জানিব পৰা মতে, হোটেলখনত আহাৰ গ্ৰহণ কৰাৰ পিছতে চিকিৎসককেইজনে পেটৰ বিষ অনুভৱ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কিছু সময়ৰ পিছতে বমি কৰিবলৈ আৰম্ভ কৰে বুলি জনায় । চিকিৎসকৰ দলটো অসুস্থ হৈ পৰাৰ লগে চিকিৎসক-কৰ্মচাৰীৰ অধিকাংশই চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ যায় ।
মুখ্য চিকিৎসা বিষয়াই লক্ষ্ণৌৰ তিনি তাৰকাযুক্ত হোটেলত সংঘটিত হোৱা ফুড পইজনিং কাণ্ডৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ।
চৰকাৰী সূত্ৰ অনুসৰি, মুখ্য চিকিৎসা বিষয়া মনোজ আগৰৱালাই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দি গোচৰটোত খাদ্য বিষক্ৰিয়া ঘটাৰ কথা প্ৰকাশ কৰিছে । তেওঁ কয় যে, ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে বৃহস্পতিবাৰৰ গভীৰ নিশা চিকিৎসকৰ এটা দলক খাদ্যৰ নমুনা গ্ৰহণ কৰিবৰ বাবে হোটেলখনলৈ প্ৰেৰণ কৰা হয় ।
হোটেলৰ নিৰাপত্তা বিষয়া চন্দ্ৰমণি মিশ্ৰই এই ঘটনা সন্দৰ্ভত খাদ্য খোৱাৰ বাবে চিকিৎসকসকল অসুস্থ হোৱা নাই বুলি উল্লেখ কৰে লগতে এই বিষয়ে তেওঁৰ হাতত কোনো তথ্য নাই বুলি জনায় । উল্লেখ্য যে, হোটেলত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰায় ২৯ খন জিলাৰ চিকিৎসক হোটেলখনত সমবেত হৈছিল ।
আনহাতে চিকিৎসা আৰু স্বাস্থ্য বিভাগে ঘটনাটোক গুৰুত্বসহকাৰে লৈ ক্ষতিগ্ৰস্ত হোৱা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সুস্থতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ।
লগতে পঢ়ক :Akali Dal Leader Shot Dead In Punjab : প্ৰাক্তন নেতাক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই