Local, Vocal, Global

Kargil Vijay Diwas 2023 : কাৰ্গিল বিজয় দিৱস, ভাৰতৰ গৌৰৱ গাঁথাৰ ২৪ বছৰ সম্পূৰ্ণ, বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৬ জুলাই : কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰত মাতৃৰ বীৰ জোৱানসকলক দেশৰ ভিন্ন প্ৰান্তত আজি স্মৰণ কৰা হৈছে(Kargil Vijay Diwas 2023) ৷ আজি সমগ্ৰ ভাৰতবাসীয়ে ২৪তম কাৰ্গিল বিজয় দিৱস পালন কৰিছে । চনৰ ২৬ জুলাইত কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰিছিল (24th kargil vijay divas celebration in India) । ভাৰতীয় সেনাৰ এই বিজয়ক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস অথবা কাৰ্গিল দিৱস পালন কৰা হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেও শ্ৰদ্ধাঞ্জলি জনালে এইসকল বীৰ জোৱানক ৷

পাকিস্তানে তেতিয়াৰ জম্মু আৰু কাশ্মীৰৰ কাৰ্গিল জিলাৰ (বৰ্তমান লাডাখ ইউটিত) ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছত ভাৰতৰ সৈতে এক সংঘৰ্ষ আৰম্ভ হৈছিল(24th kargil vijay divas celebration in India)। পাকিস্তানী আক্ৰমণকাৰীৰ পৰা ভাৰত মাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত পৰাক্ৰমেৰে যুঁজি আত্মবলিদান দিয়া বীৰ সৈনিক সকলক এই দিনটোতে স্মৰণ কৰে দেশবাসীয়ে ৷ কাৰ্গিল যুদ্ধ ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাইলৈ অব্যাহত আছিল। ‘‘অপাৰেচন বিজয়’’ৰ অংশ হিচাপে ভাৰতীয় সেনাই এই সংঘৰ্ষৰ সময়ত পাকিস্তানৰ অনুপ্ৰৱেশকাৰীসকলক ভাৰতৰ সীমাৰ পৰা বাহিৰ কৰিছিল । এই যুদ্ধত ভাৰতে টাইগাৰ হিল আৰু অন্যান্য চৌকিসমূহ পুনৰ দখল কৰিবলৈ সক্ষম হৈছিল । লাডাখৰ কাৰ্গিলত সংঘটিত হোৱা এই সংঘৰ্ষ ৬০ দিনৰো অধিক সময় ধৰি চলিছিল।

এই যুদ্ধত প্ৰাণ হেৰুওৱা ভাৰতীয় সৈন্যসকলৰ সন্মানত কাৰ্গিল বিজয় দিৱস প্ৰতিবছৰে স্মৰণ কৰা হয় । প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত অমৰ জোৱানত কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আনহাতে, প্ৰতিবছৰে লাডাখৰ দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত কাৰ্গিল বিজয় দিৱসৰ মূল অনুষ্ঠান আয়োজিত কৰা হয়। এই বছৰো ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধ স্মাৰকত ২৫ আৰু ২৬ জুলাইত দুদিনীয়াকৈ এই দিৱস উদযাপনৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। ইয়াৰোপৰি, এই বছৰ কেন্দ্ৰীয় চৰকাৰে অহা বছৰ কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে এক বছৰজোৰা কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য কাৰ্গিল বিজয় দিৱস উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ বাবে সৰ্বোচ্চ বলিদান দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই দিনটোৱে ভাৰতৰ অতুলনীয় যোদ্ধাসকলৰ বীৰত্বৰ কথা সোঁৱৰাই আহিছে ৷ এইসকল সেনা জোৱান দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি হিন্দী ভাষাত টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় ।

ইফালে লাডাখৰ দ্ৰাছত ২৪ তম কাৰ্গিল বিজয় দিৱস উদযাপনৰ অনুষ্ঠানত উপস্থিত আছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি যুদ্ধ স্মৃতিসৌধত মাল্যাৰ্পণেৰে কাৰ্গিল যুদ্ধবীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজনাথ সিঙে । মঙলবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়া বিজয় দিৱস উদযাপন ।

উল্লেখ্য যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানী বাহিনীক তিনিওটা খণ্ড – দ্ৰাস, কাৰ্গিল আৰু বটালিকত সফলতাৰে পৰাস্ত কৰে ।

লগতে পঢ়ক : Namrup BVFCL : বন্ধ নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ’ব