2,450 terror suspects captured outside Gaza since war Began : ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ; যুদ্ধ আৰম্ভণিৰ পৰা গাজাৰ বাহিৰত বন্দী ২৪৫০ সন্দেহজনক সন্ত্ৰাসবাদী

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ডিচেম্বৰ : শুকুৰবাৰে নিশাটোৰ ভিতৰতে ইজৰাইলী নিৰাপত্তা বাহিনীৰ ম’ষ্ট ৱাণ্টেড ১১ সন্ত্ৰাসবাদীক সমগ্ৰ জুদিয়া আৰু চমৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে । আনহাতে, আইডিএফৰ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী) দ্বাৰা চলোৱা ব্ৰিগেড পৰ্যায়ৰ অভিযান হিচাপে আখ্যা দিয়া আন এক অভিযানত হেব্ৰনৰ ওচৰৰ ডুৰা গাঁৱত আন আঠ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ উপৰি বায়াত ৰীমা আৰু তুৰা আল-ঘৰবিয়াত ইজৰাইলী বাহিনীয়ে অভিযান চলাই বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে( 2,450 Terror Suspects Captured Outside Gaza Since War Began) ।
ইফালে গাজাত যুদ্ধৰ আৰম্ভণিৰে পৰা ইজৰাইলী নিৰাপত্তা বাহিনীয়ে সমগ্ৰ জুদিয়া আৰু চামৰিয়া আৰু জৰ্ডান উপত্যকা অঞ্চলত প্ৰায় ২,৪৫০ জন ম’ষ্ট ৱাণ্টেড সন্দেহজনক সন্ত্ৰাসবাদীক বন্দী কৰিছে । ইয়াৰে ভিতৰত প্ৰায় ১,২১০ জন সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে ।উল্লেখ্য যে গাজাত ইজৰালী আক্ৰমণৰ প্ৰায় তিনিমাহ অতিক্ৰম কৰিবলৈ ওলোৱাৰ সময়ত ব্যাপক মানৱীয় ক্ষতিৰ মুখত পৰিছে পেলেষ্টাইন । ইয়াৰে পৰিপ্ৰেক্ষিতত যুদ্ধ বন্ধ কৰিবৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ইজৰাইলৰ ওপৰত তীব্ৰ হেঁচা দিয়া হৈছে । কিন্তু ইজৰাইলে ইয়াত ভ্ৰূক্ষেপ নকৰি আক্ৰমণ চলাই গৈ আছে( 2,450 terror suspects captured outside Gaza since war began) ।
তাৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে এক প্ৰস্তাৱত অনুমোদন জনায় । এই প্ৰস্তাৱত ইজৰাইল আৰু হামাছৰ মাজত মানৱীয় যুদ্ধবিৰতি, গাজালৈ সাহায্য বৃদ্ধি আৰু এনে পৰিস্থিতি সৃষ্টিৰ আহ্বান জনোৱা হৈছে যিয়ে যুঁজৰ এক বহনক্ষম সমাপ্তিৰ অনুমতি দিব, ৰুদ্ধদ্বাৰ আলোচনাৰ দিনবোৰ সমাপ্ত কৰিব । চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ । ইউএনএছচিৰ প্ৰস্তাৱত ‘সম্পূৰ্ণ, দ্ৰুত, সুৰক্ষিত আৰু বাধাহীন মানৱীয় প্ৰৱেশাধিকাৰ সক্ষম কৰাৰ বাবে পৰ্যাপ্ত সংখ্যক দিনৰ বাবে সমগ্ৰ গাজা ষ্ট্ৰিপত জৰুৰী আৰু সম্প্ৰসাৰিত মানৱীয় যুদ্ধবিৰতি আৰু কৰিডৰ স্থাপন’ৰ আহ্বান জনোৱা হৈছে ।অৱশ্যে এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে আমেৰিকা আৰু ৰাছিয়া ।
আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে এই প্ৰস্তাৱৰ প্ৰশংসা কৰে । কিন্তু প্ৰস্তাৱটোত হামাছৰ গৰিহণা অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে ইয়াৰ সপক্ষে ভোটদানৰ পৰা বিৰত থাকে ।এগৰাকী জ্যেষ্ঠ আমেৰিকান কূটনীতিবিদে চিএনএনক কয়, “আমি হামাছক গৰিহণা দিয়াটো চাবলৈ ভাল পাম । আমি বুজি নাপাওঁ যে পৰিষদে কেৱল আমি ক’লৈ গৈ আছোঁ সেয়া সঠিকভাৱে বৰ্ণনা কৰিব নোৱাৰে ।”