Local, Vocal, Global

Wayanad landslides: প্ৰবল বৰষুণৰ লগতে ভয়ংকৰ ভূমিস্খলন;নিহত ২৪জন, আহত ৭০জন

নিউজ ডেস্ক,৩০জুলাই : প্ৰবল বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন ৷ নিহত ২৪জন, আহত ৭০জন(Wayanad landslides) ।

কেৰালাৰ ৱায়নাডত প্ৰবল বৰষুণৰ লগতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ নেৰানেপেৰা বৰষুণৰ ফলত ভমুন্দুকই, ছুৰলমালা চহৰৰ বহু ঘৰ-দুৱাৰ বাহন বৰ্তমান খহনীয়া মাটিৰ তলৰ। ইফালে কেৰালাৰ ৱায়নাড়ত বান-ভূমিস্খলনে ভাঙি নিলে এখন দলং। যোগাযোগ বিচ্ছিন্ন হৈছে প্ৰায় ৪০০ শতাধিক পৰিয়াল। ধাৰাসাৰ বৰষুণৰ বাবে পুৱা ২ বজাৰ পৰা পুৱা ৪ বজালৈ ভূমিস্খলন সংঘটিত হয়।

উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দুখন হেলিকপ্তাৰৰে চলাই আছে উদ্ধাৰ অভিযান। এতিয়াও বহুলোক আবদ্ধ হৈ আছে ভূমিস্খলন হোৱা অঞ্চলসমূহত। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ কাৰ্যত কিছু ব্যঘাত জন্মা বুলি সদৰি কৰিছে কেৰালা দুৰ্যোগ প্ৰশমন বিভা(Death count rises to 24, military mobilised to aid in rescue ops)।

ইফালে এই শোকাৱহ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শোক প্ৰকাশ কৰি সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে(24 killed, hundreds feared trapped in Wayanad landslides)।

সমগ্ৰ ঘটনাক শোকাৱহ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্তসকলক সৰ্বতো প্ৰকাৰৰ সহযোগিতাৰ নিৰ্দেশ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীকো ফোনযোগে এই ঘটনাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।

লগতে পঢ়ক : Manika Batra becomes first indian table tennis player to reach last 16 in Olympics : পেৰিছ অলিম্পিকৰ টেবুল টেনিছৰ প্ৰতিযোগিতাত ১৬নং ৰাউণ্ডত প্ৰৱেশ মণিকা বাত্ৰাৰ